• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন

কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

6 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

6 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

6 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

7 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

7 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

8 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

9 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

10 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

10 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

11 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

12 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন

কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন

editor by editor
March 1, 2025
in জীৱনশৈলী
0
কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ ডাঙৰ কন্যাৰ ২ মাৰ্চ, দেওবাৰে আছিল তোলনি বিয়া। সেই বিয়াৰ বাবে তামোল-পানকে ধৰি কিছু যাৱতীয় বজাৰ সমাৰ কৰিবলৈ বৃহস্পতিবাৰে নিজ গৃহৰ পৰা এ এছ ২৫ এম ৭১৫৮ নম্বৰৰ দুচকীয়া এক্টিভা বাহনখন লৈ ঘৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ দক্ষিণ কামৰূপৰ ছয়গাঁওলৈ বুলি ওলাই গৈছিল সাংস্কৃতিক কৰ্মী , সুগায়ক, মঞ্চ আৰু টেলিভিছন জগতৰ বলিষ্ঠ অভিনেতা হিচাপে সুখ্যাতি লাভ কৰা বদন কলিতাই।

তাত দুঘৰমান সম্পৰ্কীয় মানুহক জীয়েকৰ তোলনি বিয়াত নিমন্ত্ৰণ জনাই বজাৰ সমাৰ কৰি সন্ধিয়া ঘৰলৈ বুলি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে উভতি আহিছিল বদন কলিতা । কিন্তু নিয়তি যেন বাটত ৰৈ আছিল। ঘৰলৈ আহি থকা অৱস্থাত কুকুৰমাৰা পোৱাৰ মুহূৰ্ততে বদন কলিতাক মহতিয়াই নিয়ে এ এছ ০১ পি চি ১৬২১ নম্বৰৰ এখন ডাম্পাৰে । দূৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বদন কলিতাৰ বাওঁ ভৰিখন আঠুৰ প্ৰায় বিছিন্ন হৈ পৰে। তাৰ পাছত কুকুৰমাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে প্ৰথমতে ছয়গাঁৱৰ গোবৰ্ধন স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে। কিন্তু তেতিয়ালৈ বহু দেৰী হৈ গৈছিল। পাছত নিশা উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগত হাস্পতালত ভৰ্ত্তি কৰায়। কিন্তু চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যু হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, দুজনী কন্যা, দুজন ভাতৃ, এজনী ভগ্নী, ভনী জোৱাঁই, ভাগিনীসহ বহু আত্মীয় – স্বজন এৰি থৈ যায়। বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহ নিজ বাসভৱনলৈ অনা হয়। তাত অসংখ্য গুণমুগ্ধ লোকে নশ্বৰ দেহত শেষ শ্ৰদ্ধা তৰ্পণ কৰাৰ পাছত মৃতদেহ খানামুখ ৰাজহুৱা নামঘৰ, খানামুখ প্ৰাথমিক বিদ্যালয় , খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰলৈ শোভাযাত্ৰা কৰি অনা হয়। এই স্থানতে অঞ্চলটোৰ কেবা শতাধিক লোকে বদন কলিতালৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই অহা বদন কলিতাৰ আকস্মিক মৃত্যু অঞ্চলটোৰ সামাজিক আৰু ৰাজহুৱা জীৱনত এক অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে। মৃত্যুৰ আগলৈকে তেওঁ খানামুখ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, খানামুখ মিলন সংঘৰ সাংস্কৃতিক সম্পাদক , এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি , বিজেপি দলৰ খানামুখ বুথ সমিতিৰ কাৰ্যকৰ্তা, খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতিৰ সদস্য , অন্বেষ সাহিত্য গোষ্ঠীকে ধৰি বহু সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান – প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল। সন্ধিয়া খানামুখ ৰাজহুৱা শ্মশানত অসংখ্য গুণমুগ্ধ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
Next Post
মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

ডিঙিত দুপাট্টা, হাতত মেহেন্দী, ছুটকেছত উদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ…

ডিঙিত দুপাট্টা, হাতত মেহেন্দী, ছুটকেছত উদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.