অতিকে ভয়ংকৰ বাছ দুৰ্ঘটনা, ৩৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, ৩০ গৰাকী আহত
এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৭ গৰাকী লোকে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, মৃত্যু হোৱাৰ লগতে আন ৩০ গৰাকী লোক আহত হয়। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।
দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত সংঘটিত হৈছ ভয়ংকৰ পথ দুৰ্ঘটনাটো। স্থানীয় সংবাদমাধ্যমৰ পৰা জানিব পৰা অনুসৰি স্থানীয় সময় অনুসৰি শনিবাৰৰ পুৱা প্ৰায় ১০ মান বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
দেশখনৰ উইউনি নামৰ ঠাইৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। য’ত দুখন যাত্ৰীবাহী বাছৰ প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলতে এইদৰে মৃত্যুৱে কিৰিলি পাৰি উঠে।
উল্লেখ্য যে, লেটিন আমেৰিকাৰ অন্যতম বৃহৎ উৎসৱ অৰুৰো কাৰ্নিভাল বৰ্তমানে অনুষ্ঠিত হৈ আছে। সেই উৎসৱতে অংশ লৈ উভতি আহি আছিল দুৰ্ঘটনাত পতিত এখন বাছ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















