যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া
ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিৰ বাবে সাজু ইউক্ৰেইন। চৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সদৰি কৰি কয় যে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতি মানি ল’বলৈ ইচ্ছুক।
ইউক্ৰেইনৰ হৈ কিয়েভে চৌডিত অনুষ্ঠিত বৈঠকক “মাইলৰ খুঁটি” বৈঠক হিচাপে অবিহিত কৰিছে। য’ত আমেৰিকাই ইউক্ৰেইনৰ সৈতে সামৰিক সাহায্য আৰু চোৰাংচোৱাৰ ভাগ-বতৰা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। মঙলবাৰে ছৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ বিষয়াসকলৰ সৈতে আঠ ঘণ্টাৰো অধিক আলোচনাৰ অন্তত কিয়েভে এই কথা ঘোষণা কৰে।
যৌথ বিবৃতিটোত কোৱা হৈছে যে ইউক্ৰেইনে তাৎক্ষণিক, অন্তৱৰ্তীকালীন ৩০ দিনৰ যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, যিটো পক্ষসমূহৰ পাৰস্পৰিক সহমতৰ দ্বাৰা বৃদ্ধি কৰিব পৰা যাব।
কিন্তু এতিয়া সকলোৰে দৃষ্টি এই সহমতৰ প্ৰস্তাৱ তথা চুক্তি ৰাছিয়াই মানি ল’ব নে নাই। এই চুক্তিখন মস্কোলৈ লৈ যাব বুলি কয় আমেৰিকাৰ বিষয়াসকলে।
অনাগত দিনত ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজে ৰাছিয়াৰ সমকক্ষক সাক্ষাৎ কৰাৰ কথা আছে আৰু ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফে এই সপ্তাহত মস্কোলৈ গৈ পুটিনক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। ট্ৰাম্পে এই সপ্তাহত পুটিনৰ সৈতে কথা পাতিব পাৰে বুলি উল্লেখ কৰি অনাগত দিনত স্থায়ী যুদ্ধবিৰতিৰ আলোচনা হ’ব বুলি আশা কৰে।
এই প্ৰস্তাৱৰ সন্দৰ্ভত পুটিনে কি সিদ্ধান্ত ল’ব সেয়া কোৱা টান। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শান্তি নিষ্পত্তিৰ বিষয়ে আলোচনা কৰিবলৈ সাজু বুলি কয় যদিও তেওঁ আৰু তেওঁৰ কূটনীতিবিদসকলে বাৰে বাৰে কয় যে তেওঁলোকে যুদ্ধবিৰতিৰ বিৰোধী আৰু ইয়াৰ পৰিৱৰ্তে ৰাছিয়াৰ দীৰ্ঘম্যাদী নিৰাপত্তা সুৰক্ষিত কৰা চুক্তি বিচাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ