চুমি-বিশালৰ পিছত এইবাৰ ছাকিৰ, বহু টকা লুটি দাঢ়ি-চুলি দীঘল কৰি আত্মগোপন
ট্ৰেডিং কেলেংকাৰিৰ অন্ত নোহোৱা হৈ পৰিছে ৰাজ্যত এইবাৰ আৰক্ষীৰ জালত আন এগৰাকী ট্ৰেডিং কেৰেংকাৰীৰ নায়ক। চুমি-বিশাল-তাৰ্কিকৰ পিছত এইবাৰ বৰাকৰ ছাকিৰ আহমেদ আৰক্ষীৰ জালত।
অনলাইন ট্ৰেডিঙৰ নামত ৪০০কোটি টকা লুটি পলায়ন কৰিছিল ছাকিৰে। কিন্তু আৰক্ষীৰ ধৰা নপৰিবৰ বাবে দাঢ়ি-চুলি দীঘল কৰি আত্মগোপন কৰি আছিল ছাকিৰে। অৱশেষত কলকাতাৰ পৰা ছাকিৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে।
বৰাকৰ ভিন্ন প্ৰান্তৰ পৰা ধন সংগ্ৰহ কৰা লুকাই আছিল ছাকিৰ আহমেদ। অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগ ছাকিৰৰ বিৰুদ্ধে ।
ৰাইজক প্ৰতাৰণা কৰি ৰেঞ্জ ৰোভাৰ বাহনকে ধৰি লাখ লাখ টকীয়া বাহন ক্ৰয় কৰিছিল ছাকিৰে। লোকৰ ধনেৰে এক বিলাসী জীৱন যাপন কৰিছিল বৰাকৰ ছাকিৰে।
অৱশেষত শ্ৰীভূমি আৰক্ষীয়ে ৫৪৩/২০২৪ নম্বৰৰ শ্ব মট’ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল ছাকিৰৰ বিৰুদ্ধে তদন্ত। ট্ৰেডিঙৰ নামত ৰাইজক ঠগি দাঢ়ি-চুলি দীঘল কৰি অন্য ৰূপ ধাৰণ কৰি কলকাতাত লুকাই আছিল ছাকিৰে।
ছাকিৰৰ লগতে ছাকিৰৰ সহযোগি ছাকিলকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল। ২২ মাৰ্চত ছাকিল আৰু ২৫ মাৰ্চত কলিকতাৰ পৰা মাষ্টাৰ মাইণ্ড ছাকিৰক আটক কৰিছিল আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















