মই নেপটিজম ভাল পাঁও, কংগনাৰ কন্যাৰ কি কৰিব, অভিনয় নে ৰাজনীতি!
ঈদৰ দিনা ৰক কৰিবলৈ সাজু হৈছে বলীউড ভাইজান ছলমান খানৰ নতুন ছবিয়ে। ৩০ মাৰ্চত মুক্তি পাব বহু চৰ্চিত ছিকন্দৰ। বৰ্তমানে ছিকন্দৰৰ প্ৰচাৰত ব্যস্ত ছলমান খান।
শেহতীয়াকৈ ছলমানে প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বহু কথাত কথা পাতিছিল। এই সময়ছোৱাত ছলমানে নেপোটিজমৰ কথাও কয়। নেপোটিজমৰ কথা কওঁতে ছলমানে কংগনা ৰানাৱতৰ কথাও উল্লেখ কৰে।
নেপোটিজমৰ কথা কওঁতে ছলমান খানে সমৰ্থন কৰি কয়- কোনোৱেই স্ব-নিৰ্মিত নহয়। মোৰ দেউতা যদি ইন্দোৰৰ পৰা মুম্বাইলৈ নাহিলহেঁতেন তেন্তে তেওঁ খেতিয়ক হ’লহেঁতেন।
কিন্তু তেওঁ ইন্দোৰৰ পৰা মুম্বাইলৈ আহি ছবিত কাম কৰে। এতিয়া তেওঁৰ পুত্ৰ হোৱাৰ বাবে মইয়ো মুম্বাইত থাকি কাম কৰি আছো। এতিয়া মানুহে ইয়াক নেপোটিজম বুলি কয়। মোৰ কিন্তু এইটো ভাল লাগে।’
ছলমানৰ এই কথাৰ পাছতে এজন সাংবাদিকে ছলমানক ৰবীনা টেণ্ডনৰ কন্যা ৰাছাৰ বিষয়ে সোধাত অভিনেতাজনে ৰবীনাৰ সলনি কংগনাক শুনে ৷ যাৰ বাবে ভুল বুজি সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে ‘কংগনাৰ ছোৱালী আহি আছে নেকি?
সাংবাদিকে শুধৰাই ৰবীনাৰ কন্যাৰ কথা সোধা বুলিহে কয়। ছলমানে কিন্তু কংগনাৰ কথাই কয়- ‘এতিয়া কংগনাৰ ছোৱালী আহিলে অভিনয় নে ৰাজনীতি কৰিব? কংগনাৰ ছোৱালীয়ে অভিনয় আৰু ৰাজনীতিৰ বাহিৰে আন কোনো ক্ষেত্ৰত কাম কৰিব লাগিব।’
উল্লেখ্য যে বলীউডত নেপোটিজমৰ বিতৰ্ক আৰম্ভ কৰিছিল কংগনা ৰানাৱটে। প্ৰায়ে ষ্টাৰ কিডছক টাৰ্গেট কৰা দেখা যায় অভিনেত্ৰীগৰাকীয়ে। যাৰ বাবে সদায় চৰ্চাত থাকে কংগনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















