পাঁচ বছৰৰ পাছত আকৌ কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা আৰম্ভ হৈছে৷ শুকুৰবাৰে বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই ঘোষণা কৰি কয়, ‘অচিৰেই এই বিষয়ে আনুষ্ঠানিকভাৱে চৰকাৰী বিজ্ঞাপ্তি প্ৰকাশ কৰা হ’ব৷’ সাধাৰণ নাগৰিকেও এই বৰ্ষত কৈলাশ আৰু মানস সৰোবৰ যাত্ৰাৰ সুযোগ পাব বুলিও জনাইছে বিদেশ মন্ত্রণালয়ৰ মুখপাত্ৰগৰাকীয়ে৷
সাধাৰণভাৱে প্ৰতিবছৰ জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত চীন অধিকৃত তিব্বতৰ মানস সৰোবৰ আৰু কৈলাশ যাত্ৰা কৰে ভাৰতীয় পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলে৷ কিন্তু ২০২০ চনৰ কভিড মহামাৰীৰ কাৰণে এই যাত্ৰা বিগত ৫ বছৰ বন্ধ হৈ আছিল৷ ঘটনাক্ৰমে সেই বছৰৰেই ১৫ জুনত লাডাখৰ গালোৱান উপত্যকাত চীনা আৰ্মীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ গৈ নিহত হৈছিল ২০ জন ভাৰতীয় সেনাও৷ সেই ৰক্তক্ষয়ী সংঘৰ্ষৰ পাছৰে পৰাই তিব্বতৰ দুই তীৰ্থক্ষেত্ৰত দুৱাৰ ভাৰতীয়ৰ ভাৰতীয়ৰ বাবে বন্ধ আছিল৷
বিগত ডিচেম্বৰত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত টহলদাৰীৰ সীমনা নিৰ্ধাৰণ আৰু মুখামুখি অৱস্থানৰ পৰা সেনা পিছুৱাই দিয়াৰ বুজাপৰা সন্দৰ্ভত এক আলোচনাত বহিছিলি নিউ দিল্লী আৰু বেইজিং৷ তাৰপাছৰে পৰাই নতুনকৈ কৈলাশ-মানস সৰোবৰ যাত্ৰা আৰম্ভ বিষয়টো দ্বিপাক্ষিক বৈঠকৰ আলোচ্য হৈ উঠিছে৷ চলিত বছৰৰ জানুৱাৰীত ভাৰত চীন দ্বিপাক্ষিক কূটনৈতিক ৭৫ তম বৰ্ষত বেইজিংয়ে ভাৰতীয় বিদেশ সচিব বিক্ৰম মিস্ৰী আৰু চীনা বিদেশমন্ত্ৰী ৱাং ইব বৈঠকত বহি এই বিষয়ে সিদ্ধান্ত লৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















