জনপ্ৰিয় ইউটিউবাৰ কুঁহি তথা পাপৰি কলিতা আৰু সত্যজিৎ বৰাৰ মাজত অবৈধ সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছে সত্যজিৎ বৰাৰ পত্নী বিজুমণি বৰাই৷ ২০১৮ চনত সত্যজিৎ বৰাই বিবাহপাশত আৱদ্ধ হৈছিল বিজুমনি বৰাৰ সৈতে৷ তেওঁলোকৰ এটি সন্তানো আছে৷ সেই সত্যজিতেই এইবাৰ পত্নী আৰু সন্তানক এৰি কুঁহিৰ সৈতে পলাই থকাৰ অভিযোগ আনিছে পত্নীয়ে৷ পাপৰি কলিতাৰ শাস্তিৰো দাবী কৰি পত্নী বিজুমনি বৰাই কেইবাটাও ফেছবুক লাইভ কৰিছে৷
বীৰাংগনা পাপৰি কলিতা তথা ইউটিউবাৰ কুঁহিক নিলম্বনৰ দাবীৰে মুখ্যমন্ত্ৰীক জনাইছে বিশেষ অনুৰোধ৷ পূৰ্বেই বেটিং এপৰ প্ৰচাৰ কৰি নিলম্বিত হৈছিল পাপৰি কলিতা৷ এইবাৰ আকৌ কুঁহিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে বিজুমনি বৰা নামৰ মহিলাগৰাকীয়ে৷ মহিলাগৰাকীয়ে কুঁহিৰ বিৰুদ্ধে তেওঁৰ SI স্বামীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ইয়াৰ এটা অডিঅ’ ক্লিপ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।
অডিঅ’ ক্লিপটোত শুনা গৈছে, মহিলাগৰাকীয়ে ফোনযোগে ইউটিউবাৰ কুঁহিক ধমক দিছে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি দীৰ্ঘদিনে ইউটিউবাৰ কুঁহি দীৰ্ঘদিনে তেওঁৰ SI স্বামী প্ৰেমৰ সম্পৰ্কত আছে। আনফালে কুঁহিয়েই মহিলাগৰাকীৰ স্বামীৰ সৈতে আইনী বিবাহ সম্পন্ন হোৱা বুলি ফোনযোগে জনাইছে।
ফোনযোগে মহিলাগৰাকীয়ে কুঁহিক কৈছে যে ‘‘তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰিলা কুঁহি? মোৰ ছোৱালীজনীৰ জীৱনটো কিয় ধ্বংস কৰিলা?’’ মহিলাগৰাকীয়ে বাৰে-বাৰে তেওঁৰ স্বামীৰ জীৱনৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছে কুঁহিক৷ আনফালে মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে কুহিয়ে সময় বহু সময় পাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে কৈছে ‘‘মই তেওঁৰ লগত ১২ বছৰে আছো।’’ মহিলাগৰাকীয়ে বাৰে-বাৰে কুহিক প্ৰশ্ন কৰিছে ‘তুমি মোৰ মানুহজনৰ জীৱনলৈ কিয় আহিছা?’’ কিন্তু সমগ্ৰ ঘটনাক লৈ বৰ্তমানো কোনো প্ৰতিক্ৰিয়া দাঙি ধৰা নাই ইউটিউবাৰ কুঁহিয়ে৷ এই ঘটনা কিমান সত্য সেয়াও বৰ্তমানলৈকে স্পষ্টকৈ ক’ব নোৱাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















