যদি যুদ্ধ হয়, তেন্তে কাৰ কিমান শক্তি? ভাৰতৰ ৫১৩ ফাইটাৰ জেট, পাকিস্তানৰ ৩২৮…
পেহেলগামত ২৬ জন নিৰীহ পৰ্যটকক হত্যা কৰাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতে স্পষ্টকৈ কৈছে যে সন্ত্ৰাসবাদী য’তেই আত্মগোপন কৰি আছে তাতেই তেওঁলোকক শেষ কৰা হ’ব। এই কথা সদৰী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
পেহেলগাম আক্ৰমণৰ পাছতে অশান্ত হৈ পৰিছে দুই চুবুৰীয়া দেশ ভাৰত-পাকিস্তান। এতিয়া চাৰিওফালে এই কথা ওলাই আছে যে, দুয়ো দেশৰ মাজত যুদ্ধ হব নেকি। যদি যুদ্ধ হয়, তেন্তে কোনে জয়লাভ কৰিব। কাৰ হাতত আছে কিমান শক্তি ?
বাজেট আৰু সেনাবাহিনী-
ভাৰত আৰু পাকিস্তান বিশ্বৰ এনে দেশৰ ভিতৰত আছে যিয়ে নিজৰ সেনাবাহিনীত বিপুল পৰিমাণৰ ধন ব্যয় কৰে। ভাৰতত ১৪.৫৫ লাখ সক্ৰিয় জোৱান আছে। ইয়াৰ উপৰিও ইয়াত সংৰক্ষিত জোৱানো আছে। পাকিস্তানত আছে ৬.৫৪ লাখ জোৱান। বাজেটৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৭৫ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে পাকিস্তানৰ বাজেট ৭.৬৪ বিলিয়ন ডলাৰ।
নৌসেনা আৰু বায়ুসেনা-
ভাৰতত ২২০০ৰো অধিক বিমান আৰু দুখন বিমানবাহী জাহাজ আছে আনহাতে পাকিস্তানৰ হাতত কোনো বিমানবাহী জাহাজ নাই। ভাৰতত আছে ৫১৩খন যুদ্ধ বিমান। ইয়াত ৰাফেল আৰু সুখয়ৰ দৰে যুদ্ধ বিমান আছে। পাকিস্তানৰ হাতত আছে ৩২৮খন যুদ্ধ বিমান। লগতে এফ-১৬ৰ দৰে বিমান আছে। ভাৰতত ৮০ খন আক্ৰমণাত্মক হেলিকপ্টাৰ আছে, পাকিস্তানত ৫৭ খন। ভাৰতীয় বায়ুসেনাত সুখয়-৩০ এম কে আই (২৭২), ৰাফেল (৩৬), মিৰাজ-২০০০ আৰু মিগ-২৯ ইউ পি জি (৬৯) আদি আধুনিক বিমান আছে। পাকিস্তানৰ বহৰত জে এফ-১৭, জে-১০ আৰু এফ-১৬ ব্লক ১৫ চি/ডিৰ দৰে বিমান আছে।
নৌ শক্তি-
নৌ শক্তিত ভাৰতৰ আধিপত্য আছে। ভাৰতৰ ২৯৩খন যুদ্ধ জাহাজ, পাকিস্তানৰ ১২১খন। ভাৰতৰ দুখন বিমানবাহী জাহাজ আছে – আই এন এছ বিক্ৰমাদিত্য আৰু আই এন এছ বিক্ৰান্ত। পাকিস্তানৰ হাতত নাই কোনো বিমানবাহী জাহাজ। ছাবমেৰিনৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতত ১৮খন ডিজেল চালিত আৰু ১খন পাৰমাণৱিক চাবমেৰিন (INS Arihant) আছে, আনহাতে পাকিস্তানত মাত্ৰ ৫খন ডিজেল চাবমেৰিন আছে। ধ্বংসকাৰী আৰু ফ্ৰিগেটৰ ক্ষেত্ৰতো ভাৰতৰ ১১খন ধ্বংসকাৰী আৰু ১২খন ফ্ৰিগেট আছে, আনহাতে পাকিস্তানৰ কোনো ধ্বংসকাৰী বিমান নাই কেৱল ৯খন ফ্ৰিগেট আছে।
সামৰিক সঁজুলি-
সামৰিক সঁজুলিৰ গুণগত মান আৰু পৰিমাণৰ ক্ষেত্ৰত ভাৰত পাকিস্তানৰ আগত আছে। ভাৰতত অৰ্জুন আৰু টি-৯০এছৰ দৰে আধুনিক টেংককে ধৰি সৰ্বমুঠ ৪৬১৪খন টেংক আছে। পাকিস্তানত আছে ৩৭৪২ টা টেংক, ইয়াৰে অধিকাংশই পুৰণি, লগতে চীনত নিৰ্মিত। আৰ্টিলাৰীত ভাৰতত পিনাকা আৰু স্মেৰ্চৰ দৰে আধুনিক ৰকেট লঞ্চাৰ আছে, আনহাতে পাকিস্তানে এ-১০০ আৰু বিএম-২১ৰ দৰে সঁজুলিৰ ওপৰত নিৰ্ভৰশীল। মিছাইল ব্যৱস্থাত ভাৰতত এছ-৪০০ ট্ৰাইমফ আৰু এয়াৰ ডিফেন্স চিষ্টেম আছে।
পাৰমাণৱিক শক্তি-
দুয়োখন দেশতে পাৰমাণৱিক অস্ত্ৰ আছে, যিটো আঞ্চলিক স্থিতিশীলতাৰ বাবে এক প্ৰধান কাৰক। ভাৰতত ১৬০টা পাৰমাণৱিক ৱাৰহেড আছে, য’ত অগ্নি-১ৰ পৰা অগ্নি-ভিলৈকে ক্ষেপণাস্ত্ৰ আছে, ইয়াৰে অগ্নি-৫ ৮,০০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰে। ভাৰতৰ হাতত আছে পাৰমাণৱিক চাবমেৰিন INS Arihant। পাকিস্তানৰ হাতত গাজনাভি, শ্বাহীন-I, -II আৰু -IIIকে ধৰি ১৬৫টা পাৰমাণৱিক ৱাৰহেড আছে যদিও ইয়াৰে কোনোটোৱেই প্ৰকৃত আইচিবিএম নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















