ভয়ংকৰ অগ্নিকাণ্ডত অকালতে প্ৰাণ হেৰুৱালে ১৪ গৰাকী লোকে, আহত বহু
পশ্চিমবংগৰ ৰাজধানী কলিকতাত কালি নিশা সংঘটিত হৈছিল এক অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বড়া বাজাৰ স্থিত এখন হোটেলত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যি ঘটনাত অকালতে প্ৰাণ হেৰুৱাই ১৪ গৰাকীকৈ লোকে। আনহাতে আহত হয় ২০ৰো অধিক লোক।
আৰক্ষীৰ মতে, মঙলবাৰে নিশা বড়া বজাৰ অঞ্চলৰ মাচুয়া ফাল মণ্ডীৰ সমীপত অৱস্থিত ঋতুৰাজ হোটেলত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ তথ্য পোৱাৰ লগে লগে ১০খন অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।
প্ৰাণ ৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জপিয়াই দিয়ে বহু লোকে, পাছে আঘাতত প্ৰাপ্ত হয় সকলো। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, শ্বৰ্টচাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
ঘটনা সন্দৰ্ভত তথ্য দি কলকাতা আৰক্ষী আয়ুক্তই কয় যে এই অগ্নিকাণ্ডৰ কাণ্ড নিশা প্ৰায় ৮:১৫ বজাত সংঘটিত হয়। আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৪টা মৃতদেহ। ইয়াৰে দুটি শিশু বুলি জানিব পৰা গৈছে। উদ্ধাৰকাৰী দলে বহু লোকক উদ্ধাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















