চলন্ত বাহনত কিশোৰীৰ সৈতে দলবদ্ধ…, বান্ধৱীক দলিয়ালে পথলৈ, নিহত
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এটি দলবদ্ধ দুষ্কৰ্মৰ ঘটনাই। দুগৰাকী বান্ধীৱত অপহৰণ কৰি নি তাৰে এগৰাকীক চলম্ত বাহন পৰা পেলাই দিয়াৰ ফলত কৰুণ মৃত্যু। আনগৰাকীক বাহনৰ ভিতৰতে দলবদ্ধ ধৰ্ষণ।
এই ঘৃণনীয় কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মীৰুটত। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি দুগৰাকী বান্ধৱী এগৰাকী ২০ বছৰীয়া আনগৰাকী ১৭ বছৰীয়া। একেলগে ফুৰিবলৈ তথা লগ কৰিবলৈ গৈছিল বন্ধুক।
পাছে সেই বন্ধুৱেই অন্য দুই বন্ধুৰ সৈতে মিলি সংঘটিত কৰে এই নৃশংস ঘটনা। য’ত ২০ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ১৭ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে সংঘটিত হয় দলবদ্ধ ধৰ্ষণৰ ঘটনা।
ঘটনমা ৬ মে’ তাৰিখৰ। পৰিয়ালৰ লোকে দুই বান্ধৱীৰ সন্ধানহীন হোৱা সন্দৰ্ভত আৰক্ষীৰ ওচৰো চাপিছিল। কিন্তু আৰক্ষীয়ে এই ঘটনাৰ এফ আই আ লিখা দূৰত থাকক কোনো গুৰুত্বই নিদিয়ে এই ঘটনাত।
দুদিন পাছত ৯ মে’ তাৰিখে ৰাজপথত উদ্ধাৰ হয় ২০ বছৰীয়া কিশোৰীৰ নিথৰ দেহ। তেতিয়াহে গা ল’ৰে আৰক্ষীৰ। যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কৰোৱাই, তেতিয়া প্ৰকাশ পাই যে, সেই যুৱতীৰ সৈতে ধৰ্ষণৰ ঘটনা ঘটনা নাই, চলন্ত বাহনৰ পৰা পেলাই দিয়াৰ ফলত মূৰত গুৰুতৰ আঘাত পাই মৃত্যু বৰণ কৰে।
আৰক্ষীয়ে যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হোৱাৰ পাছত হে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেতিয়া জানিব পাৰে দুই বান্ধৱীক অপহৰণ কৰি তিনি লম্পট বন্ধুৱে প্ৰথমে ৮ টা বীয়েৰ কেন ক্ৰয় কৰে, পাছত মদ্যপান কৰি বাহনৰ ভিতৰত দুই বান্ধৱীক মাৰপিট কৰি জোৰ জবৰদস্তি কৰে।
তেতিয়া বিৰোধ কৰাত ২০বছৰীয়া যুৱতীক পেলাই দিয়ে আৰু ১৭ বছৰীয়া কিশোৰীক প্ৰাণে মৰাৰ ভাবুকি দি বাহনৰ ভিতৰত দলবদ্ধ ধৰ্ষণ কৰে। সেই সময়ত বাহনখন গ্ৰেটাৰ নয়দাৰ পৰা গাজিয়াবাদ হৈ মীৰুট আহি পায়। ৬ খনকৈ জিলাৰ মাজেৰে অহা বাহনখন এবাৰো আৰক্ষীৰ চকুত নপৰে। যাৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হবলৈ পায়।
পাছত ধৰ্ষণ কৰি কিশোৰীকো এৰি পলায়ন কৰে তিনি লম্পটে। কিন্তু কিশোৰীৰ সাক্ষ্য সংগ্ৰহ কৰি আৰক্ষীয়ে তিনি লম্পটক এনকাউন্টাৰ কৰি আহত কৰি আটক কৰিবলৈ সক্ষম হয়। তিনি লম্পট ক্ৰমে সন্দীপ সিং, অমিত কুমাৰ আৰু গৌৰৱ কুমাৰ। বৰ্তমানে তিনও আৰক্ষীৰ জিম্মাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















