মাত্ৰ এমাহ পূৰ্বেই ধুমধামেৰে জন্মদিন পালন কৰা হৈছিল যমজ ভায়েক-ভনীয়েকৰ৷ ১২ বছৰত ভৰি দিছিল যমজ আয়ান আৰু জোয়াই৷ পিতৃ-মাতৃ দুই সন্তানক লৈ সুখী পৰিয়াল আছিল তেওঁলোকৰ৷ কিন্তু এই সুখৰ সংসাৰলৈ হঠাৎ নামি আহিল অমানিশা৷ পাক বোমা বৰ্ষণত একেলগে প্ৰাণ হেৰুৱালে দুই ভাতৃ-ভগ্নীয়ে৷ ভাৰতৰ অপাৰেছন সিন্দূৰৰ পাছতেই সীমান্তবৰ্তী এলেকাত বোমা বৰ্ষণ কৰিছিল পাকিস্তানৰ সেনাই৷ তাতেই ৭মে’ত পাক সেনাই দলিওৱা বোমা আহি পৰে আয়ানৰ পুঞ্চত থকা ভাড়াঘৰৰ কিছু কাষত৷ গুৰুতৰভাৱে আহত অৱস্থাত দুই ভাতৃ-ভগ্নী উদ্ধাৰ হয় যদিও কেইমিনিটৰ ভিতৰতেই মৃত্যুৰ কোলাত ঢলি পৰে৷ কেৱল ভায়েক ভনীয়েকেই নহয় তেওঁলোকৰ পিতৃ ৰামিজ খানো পাক আক্ৰমণত আহত হৈ আজিও হাস্পতালত ভৰ্তি হৈ আছে৷ বোমাই তেওঁৰ যকৃতত গুৰুতৰ ক্ষতি কৰিছে বুলি জনাইছে৷ জম্মুৰ হাস্পতালৰ আই চিইউত ৰখা হৈছে তেওঁক৷ একেধৰণেই আক্ৰমণত মৃত্যু হৈছে তেওঁৰ খুৰাক খুৰীয়েকৰো৷ নিজৰ দুই সন্তান, ভাতৃ আৰু ভাতৃবধুৰ মৃত্যুৰ খবৰ এতিয়াও পোৱা নাই ৰামিজে৷ আয়ান আৰু জোয়াৰৰ মাতৃ উৰ্ষা খানেও দুই সন্তানৰ মৃত্যুৰ পাছত কথা কোৱাৰ শক্তি হেৰুৱাইছে৷
স্থানীয় সূত্ৰৰ পৰা জনা গৈছে যে মাত্ৰ দুমাহ পূৰ্বে সন্তানৰ উচ্চশিক্ষাৰ বাবে পুঞ্চত আহিছিল ৰামিজ আৰু তেওঁৰ পত্নী৷ ৰামিজৰ ঘনিষ্ঠ দুই আত্মীয় ছোহেল আৰু মাৰিয়া খানে কয়, ‘পাক আক্ৰমণত গুৰুতৰভাৱে আঘাত পাইছিল দুই সন্তানে৷ পেট আৰু নাড়ীও বাহিৰলৈ ওলাই আহিছিল আয়ানৰ৷’ আত্মীয় আন এগৰাকীয়ে কয়, ‘আমি আশা কৰিছিলো আয়ান হয়তো বাচি যাব৷ কিন্তু কেইমিনিটৰ ভিতৰতেই তাৰো মৃত্যু হয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















