ভাৰতৰ সামৰিক শক্তিত সংযোজিত নতুন শক্তি ‘ভাৰ্গৱাস্ত্ৰ’, ওড়িশাত সফল পৰীক্ষণ, কি এই ‘ভাৰ্গৱাস্ত্ৰ’!
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰাৰ পিছত পাকিস্তানে ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰি আক্ৰমণ চলাইছিল। ভাৰতীয় সেনাই সংবাদমেলত এই কথাও প্ৰকাশ কৰিছিল যে পাকিস্তানৰ পৰা প্ৰেৰণ কৰা প্ৰায় ৪০০ ড্ৰ’ন পশ্চিম সীমান্তত আকাশতে ধ্বংস কৰিছিল ভাৰতে।
ভাৰতে পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰিছিল। ভাৰতৰ শক্তিৰ হাতত একেবাৰে শূণ্য হৈ পৰে পাকিস্তান।
১৪ মে’ বুধবাৰ আজি ভাৰতৰ শক্তিত সংযোজিত হল আন এক শক্তি। ‘ভাৰ্গৱাস্ত্ৰ’ নামৰ এক শক্তি এতিয়া ভাৰতৰ সামৰিক শক্তিৰ নতুন অস্ত্ৰ। ই এটা ড্ৰোণ প্ৰতিৰোধী ব্যৱস্থা।
আজি ওড়িশাৰ গোপালপুৰত দেশতে নিৰ্মিত এই এণ্টি ড্ৰ’ন ব্যৱস্থা ‘ভাৰ্গৱাস্ত্ৰ’ সফলতাৰে পৰীক্ষা কৰিলে। একেলগে একাধিক ড্ৰ’নত আঘাত কৰিবলৈ সক্ষম হোৱা কাউণ্টাৰ ড্ৰ’ন চিষ্টেম ‘ভাৰ্গৱাস্ত্ৰ’ৰ সফলতা এতিয়া ভাৰতৰ বাবে বৃহৎ সংযোজন।
এই কাউণ্টাৰ ড্ৰ’ন ব্যৱস্থাত ব্যৱহৃত মাইক্ৰ’ ৰকেটৰ ব্যাপক পৰীক্ষা গোপালপুৰৰ ছিৱাৰ্ড ফায়াৰিং ৰেঞ্জত কৰা হৈছিল। পৰীক্ষাৰ সময়ত ই সকলো নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















