পাকিস্তানক সমৰ্থন কৰা বাবে যেন প্ৰকৃতিয়ো ৰুষ্ট, কালি তুৰ্কীত আজি চীনত ভূমিকম্প
ভাৰত-পাকৰ মাজত চলি থকা উত্তেজনাৰ সময়তে বহু দেশে ওলাই আহি সমৰ্থন আগবঢ়াইছিল ভাৰত কিম্বা পাকিস্তানক। কিন্তু সমগ্ৰ বিশ্ব জ্ঞাত আছিল এই উত্তেজনাৰ মূলতে পাকিস্তান। কিন্তু তাৰ পাছতো পাকিস্তানৰ সমৰ্থনত ঠিয় দিছিল দুখনমান দেশে।
সেই দেশ হৈছে- শীৰ্ষত তুৰ্কী। লগতে অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰা চীন। ভাৰতে ইতিমধ্যে তুৰ্কীৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ। তাৰে মাজেত আহিছে আন এক খবৰ।
পাকিস্তানক সমৰ্থন কৰাৰ বাবে যেন প্ৰকৃতিয়ো ৰুষ্ট হৈ পৰিছে এই দুই দেশৰ বিৰুদ্ধে। কালি ১৫ মে’ তাৰিখে দিনৰ ২ মান বজাত তুৰ্কীত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প অহাৰ পাছত আজি ১৬ মে’ তাৰিখে চীনত আহে ভূমিকম্প।
ভূ-কম্পন বিভাগে সদৰি কৰা অনুসৰি চীনত ১৬ মে’ শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪.৫ প্ৰাবল্য। বৰ্তমানলৈ ভূমিকম্পৰ ফলত কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তি হেৰুৱাৰ খবৰ পোৱা নাই। চীনৰ দক্ষিণ প্ৰান্তত আহে ভূমিকম্প।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















