ভাৰতৰ একাধিক বিমানবন্দৰৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা তুৰস্কৰ বিমানবন্দৰ ব্যৱস্থাপনা সংস্থা চেলেবি এভিয়েছনৰ লাইচেঞ্চ বাতিল কৰিলে ভাৰতে৷ ভাৰত আৰু পাক সামৰিক সংঘাতত ইছলামাবাদৰ কাষত থিয় হৈছিল তুৰস্ক৷ পাকিস্তানক ভাৰত আক্ৰমণ কৰিবলৈ ড্ৰোণ দি সহায় কৰিছিল তুৰস্কই৷ আনকি পাকিস্তানলৈ সেনাও পঠিয়াইছিল তুৰস্কই৷ ইয়াৰপাছতেই প্ৰশ্ন উঠিছিল যে, বিশ্বাসঘাতক তুৰস্কৰ সংস্থাত হাতত ভাৰতৰ বিমানবন্দৰৰ দায়িত্ব থকাটো মুঠেও নিৰাপদ নহয়৷ শেষপৰ্যন্ত সেয়ে তুৰস্কৰ সংস্থাৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে নতুন দিল্লীয়ে৷
প্ৰিমিয়াম এয়াৰপৰ্ট লাউঞ্জত চাৰ্ভিছ দিয়ে তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনে৷ ভাৰতসহ বিদেশৰ বহু বিমানবন্দৰত এই দায়িত্ব গ্ৰহণ কৰি আহিছে তুৰস্কৰ সংস্থা ছেলেবি এভিয়েছনে৷ ভাৰতত দুটা পৃথক নামেৰে( ছেলেবি এয়াৰপৰ্ট চাৰ্ভিছ ইণ্ডিয়া আৰু ছেলেবি দিল্লী কাৰ্গো টাৰ্মিনেল মেনেজমেণ্ট ইণ্ডিয়া) গ্ৰাউণ্ডত অপাৰেছনৰ কাম কৰে এই সংস্থাকেইটাই৷
ভাৰতৰ ৯টা বিমানবন্দৰত আছে এই সংস্থাৰ গ্ৰাউণ্ড অপাৰেছন কৰ্মী৷ সেই বিশেষ বিমানবন্দৰ কেইটা হৈছে, দিল্লী, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই, আহমেদাবাদ, গোৱা, কোচিন আৰু কুন্নুৰ বিমান বন্দৰত গ্ৰাউণ্ড অপাৰেছনৰ কাম কৰে ছেলেবিয়ে৷ ভাৰতত সংস্থাটোৰ কৰ্মী বৰ্তমান ৭৫০০ তকৈয়ো বেছি৷
পহেলগাম আক্ৰমণৰ পাছতেই পাক বন্ধু তুৰস্কৰ ভূমিকা ভাৰতৰ জাতীয় নিৰাপত্তাৰ বাবে শংকাৰ কাৰণ৷ ফলত তুৰস্কৰ সংস্থাক দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত কাম কৰিবলৈ দিয়াটো যুক্তিগ্ৰাহ্য আৰু জাতীয় নিৰাপত্তাৰ বাবে সঠিক নহয় বুলি বিভিন্নজনে কৈছিল৷ বেছিভাগেই কৈছিল যে ইয়াৰ ফলত জাতীয় সুৰক্ষা বিঘ্নিত হব পাৰে৷ তাৰপাছতেই ছেলেবি এভিয়েছনক বাতিলৰ সিদ্ধান্ত লয় কেন্দ্ৰই৷
উল্লেখ কৰা প্ৰয়োজন যে জে এন ইউ আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে তুৰস্কৰ সৈতে থকা চুক্তি বাতিল কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















