১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড
ভাৰতীয় চিনেমা জগতৰ এগৰাকী এনে অভিনেত্ৰী, যিয়ে নিজৰ সাৱলিল অভিনেয়েৰে দৰ্শকৰ হৃদয় কৰাৰ লগতে গঢ়িছে এক অনন্য ৰেকৰ্ডো। তাকো এনে ৰেকৰ্ড যি ৰেকৰ্ড হয়তো কোনো অভিনেত্ৰীয়ে ভংগ কৰাটো কঠিন। এই জনপ্ৰিয় অভিনেত্ৰীগৰাকী হৈছে মালায়ালাম চিনেমা উদ্যোগৰ জনপ্ৰিয় শীলা সেলিন।
এতিয়া অভিনেত্ৰীগৰাকীয়ে পৰিচালক হিচাপেও নিজৰ নাম উজলাইছে। শীলাই ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। ১৩ বছৰ বয়সত ভ্ৰাম্যমাণ শিল্পৰ বিষয়ে জানিব পৰাৰ পিছত ১৭ বছৰ বয়সত তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল।
১৯৬২ চনত পাছম ছবিৰ জৰিয়তে শীলাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। চলচ্চিত্ৰ জগতৰ বাবে অভিনেত্ৰীগৰাকীয়ে নিজৰ নাম সলনি কৰি শীলা দেৱী বুলি কয় যদিও পিছত তেওঁ সলনি কৰি কেৱল শীলা বুলি কয়।
শীলাই মালয়ালম, তামিল, তেলেগু আৰু উৰ্দু ভাষাৰ ৪৭৫ খনতকৈও অধিক ছবিত কাম কৰিছে। ৭০ৰ পৰা ৮০ৰ দশকৰ ভিতৰত অভিনেত্ৰীগৰাকীয়ে লেখা আৰু পৰিচালনাৰ ক্ষেত্ৰত নিজৰ ভাগ্য চেষ্টা কৰিছিল। মাজতে বহু বছৰ ধৰি পৰ্দাৰ পৰা আঁতৰি আছিল শীলা।
২২ বছৰৰ পাছত পুনৰ প্ৰত্যাৱৰ্তন কৰে অভিনেত্ৰীগৰাকীয়ে। পাছে অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ লগতে এক অভিন্ন ৰেকৰ্ডো গঢ়ে।
অভিনেত্ৰীগৰাকীৰ প্ৰেম নাজিৰৰ সৈতে যুটিয়ে অধিক জনপ্ৰিয় কৰি তোলে। দুয়োজনে একেলগে প্ৰায় ১৩০ খন ছবি কৰিছিল। যাৰ ফলত অভিনেত্ৰী শীলাৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন হয়। কেৰালা ৰাজ্যিক বঁটাও লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















