দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন
নিৰ্বাচন আয়োগে দেশৰ চাৰিখন ৰাজ্যৰ ৫খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন ঘোষণা কৰিছে। জুনৰ তৃতীয় সপ্তাহত অনুস্থিত হব ভোটগ্ৰহণ।
উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ তাৰিখ ১৯ জুন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। লগতে ২৩ জুনত ফলাফল ঘোষণা কৰা হব।
উপ-নিৰ্বাচন অনুস্থিত হব লগা ৰাজ্য কেইখন হৈছে- গুজৰাট, কেৰালা, পঞ্জাৱ আৰু পশ্চিমবংগ। এই ৪ ৰাজ্যৰে ৫খন বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।
পদত্যাগৰ লগতে বিধায়কৰ মৃত্যু হোৱা বাবে পাঁচোখন আসন খালী হৈ পৰিছিল।
আয়োগৰ মতে, উপ-নিৰ্বাচন হ’বলগীয়া পাঁচখন আসনৰ বাবে কাইলৈ ২৬ মে’ত অধিসূচনা জাৰি কৰা হ’ব। প্ৰাৰ্থীত্বৰ অন্তিম তাৰিখ ২জুন। ৩ জুনত মনোনয়ন পত্ৰৰ ওপৰত চোকা দৃষ্টি ৰখা হ’ব। ৫ জুনলৈকে প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰাৰ সুযোগ পাব। এই আসনসমূহৰ সকলো নিৰ্বাচনী প্ৰক্ৰিয়া ২৫ জুনৰ পূৰ্বে সম্পূৰ্ণ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















