• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান

অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান

1 year ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

23 minutes ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

35 minutes ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

50 minutes ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

2 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

2 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

3 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

4 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

5 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

5 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

6 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

7 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান

দেশৰ আটাইতকৈ চহকী মন্দিৰ তথা ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰ সাতটা ৰহস্যময় বেছমেণ্টৰ বাবে বিখ্যাত। এই মন্দিৰত ২৭০ বছৰৰ পাছত এক বিশেষ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ’বলৈ গৈ আছে। এই বিশেষ অনুষ্ঠান হৈছে- মন্দিৰটো পবিত্ৰ কৰা। ইয়াৰ বাবে অহা ৮ জুনত ‘মহা কুম্ভভিষেকম’ অনুষ্ঠান পালন কৰা হ’ব।

মন্দিৰ পৰিচালনা সমিতিয়ে কয় যে তেওঁলোকে নিশ্চিত কৰিছে যে সকলো ৰীতি-নীতি সঠিকভাৱে পালন কৰা হয় যাতে মন্দিৰৰ পুৰণি পৰম্পৰা অব্যাহত থাকে। ভগৱান পদ্মনাভৰ ভক্তসকলৰ বাবে এয়া এক সোণালী সুযোগ যে তেওঁলোকে ইমান বছৰৰ পাছত এই পূজাসমূহৰ সাক্ষী হ’ব পাৰিব।

কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ বাবে পদ্মনাভাস্বামী মন্দিৰ অতি বিশেষ। এই মন্দিৰৰ লগত নগৰৰ নামো জড়িত হৈ আছে। ‘থিৰু’ ‘অনন্ত’ ‘পুৰম’ মানে ভগৱান অনন্ত পদ্মনাভৰ পবিত্ৰ বাসস্থান। এই প্ৰাচীন দ্ৰাবিড় শৈলীৰ মন্দিৰটো ট্ৰেভাংকুৰ ৰাজপৰিয়ালৰ বংশধৰসকলে পৰিচালনা কৰা এটা ট্ৰাষ্টে পৰিচালনা কৰে।

পদ্মনাভ স্বামী মন্দিৰৰ অপৰিসীম ধন আৰু ৰহস্যময় বেছমেণ্টৰ বাবেও বিখ্যাত হৈ আহিছে ৷ প্ৰথমে ট্ৰেভানকোৰ ৰাজপৰিয়ালৰ বংশধৰসকলে এই ধনৰ মালিকীস্বত্বক লৈ দীৰ্ঘদিনীয়া আইনী যুদ্ধ কৰিছিল, তাৰ পিছত ৰহস্যময় ভল্টবোৰ খুলি দিয়াৰ বাবে গোচৰ ৰুজু কৰা হৈছিল। ২০১১ চনত আই পি এছৰ প্ৰাক্তন বিষয়া টি পি সুন্দৰৰাজনৰ আবেদনত উচ্চতম ন্যায়ালয়ে মন্দিৰৰ কোষাগাৰ নিৰীক্ষণৰ বাবে সাতজনীয়া এখন সমিতি গঠন কৰিছিল। জুন মাহলৈকে ছটা ভল্টত উদ্ধাৰ হৈছিল ১ লাখ ৩২ হাজাৰ কোটি টকাৰ ধন। তাত ৰখা ৰত্ন, সিংহাসন, মূৰ্তি আৰু গহনাবোৰৰ বিশাল মূল্যৰ বিষয়ে কাৰো কোনো ধাৰণা নাছিল।

ভল্ট-বি অৰ্থাৎ সপ্তম বেছমেণ্টটো কেতিয়াও খোলা হোৱা নাই আৰু আজিলৈকে কোনেও এই ধনৰ ৰহস্য জানিব পৰা নাই। যিয়ে খুলিবলৈ চেষ্টা কৰিব তেওঁ দুৰ্ভাগ্যৰ সন্মুখীন হ’ব বুলি বিশ্বাস কৰা হয়। লগতে পৃথিৱীত এক বিপৰ্যয় হ’ব। সপ্তম দুৱাৰত তলা বা শিকলি নাই। ইয়াৰ কাঠৰ গেটত থকা সাপৰ চিনটোক সতৰ্কবাণী বুলি গণ্য কৰা হয়।

দেৱতাসকলে নিজেই ৰক্ষা কৰা সপ্তম গোপন বেছমেণ্টত অপৰিসীম ধন-সম্পত্তি আছে বুলিও বিশ্বাস কৰা হয়। শেষৰ দুৱাৰখন নগাপাশম মন্ত্ৰেৰে বন্ধ হৈ থকা বুলি বিশ্বাস, যাৰ বাবে ইয়াক খুলিবলৈ গৰুড় মন্ত্ৰৰ শুদ্ধ জ্ঞান আৰু উচ্চাৰণৰ প্ৰয়োজন। যদি ইয়াত কোনো ভুল হয় তেন্তে মৃত্যু নিশ্চিত বুলি মান্যতা।

কোৱা হয় যে ১৯০৮ আৰু ১৯৩১ চনত ইংৰাজে চেলাৰবোৰ ঘেৰাও কৰিবলৈ চেষ্টা কৰিছিল যদিও হঠাতে হাজাৰ হাজাৰ সাপৰ উপস্থিতিৰ বাবে সফল নহ’ল। কাকতলীয়াভাৱে ২০১১ চনত সপ্তম দুৱাৰ খোলাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা টি পি সুন্দৰৰাজনৰ মৃত্যু হয়। পিছত ট্ৰেভানকোৰ ৰাজপৰিয়ালৰ আবেদনত উচ্চতম ন্যায়ালয়েও সপ্তম গেট খোলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

পদ্মনাভাস্বামী মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল তাৰ কোনো প্ৰামাণিক প্ৰমাণ পোৱা নাযায়। বহু ইতিহাসবিদে ইয়াক ৫০০০ বছৰ পুৰণি বুলি গণ্য কৰে। ইয়াৰ দ্ৰাবিড় শৈলীৰ আধাৰত এই মন্দিৰটো ১৬ শতিকাৰ বুলি ধৰা হয়। ১৭৫০ খ্ৰীষ্টাব্দত ট্ৰাভাংকুৰৰ মহাৰাজ মাৰ্থাণ্ড বৰ্মাই পদ্মনাভ স্বামীৰ নামত নিজৰ ৰাজ্য উচৰ্গা কৰে। তেতিয়াৰ পৰাই ৰাজ পৰিয়ালে এই মন্দিৰৰ যত্ন লয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: keralapadmanabhaswamy templethiruvananthapuram
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
Next Post
শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা

শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা

প্ৰেম অন্ধ, ৪ বোৱাৰীৰ গহনা লৈ ৩০ বছৰীয়া প্ৰেমীকৰ সৈতে পলাল শাহু

প্ৰেম অন্ধ, ৪ বোৱাৰীৰ গহনা লৈ ৩০ বছৰীয়া প্ৰেমীকৰ সৈতে পলাল শাহু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.