অতি ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰত ২৭০ বছৰৰ মূৰকত বিশেষ অনুষ্ঠান
দেশৰ আটাইতকৈ চহকী মন্দিৰ তথা ৰহস্যৰে ভৰা পদ্মনাভাস্বামী মন্দিৰ সাতটা ৰহস্যময় বেছমেণ্টৰ বাবে বিখ্যাত। এই মন্দিৰত ২৭০ বছৰৰ পাছত এক বিশেষ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ’বলৈ গৈ আছে। এই বিশেষ অনুষ্ঠান হৈছে- মন্দিৰটো পবিত্ৰ কৰা। ইয়াৰ বাবে অহা ৮ জুনত ‘মহা কুম্ভভিষেকম’ অনুষ্ঠান পালন কৰা হ’ব।
মন্দিৰ পৰিচালনা সমিতিয়ে কয় যে তেওঁলোকে নিশ্চিত কৰিছে যে সকলো ৰীতি-নীতি সঠিকভাৱে পালন কৰা হয় যাতে মন্দিৰৰ পুৰণি পৰম্পৰা অব্যাহত থাকে। ভগৱান পদ্মনাভৰ ভক্তসকলৰ বাবে এয়া এক সোণালী সুযোগ যে তেওঁলোকে ইমান বছৰৰ পাছত এই পূজাসমূহৰ সাক্ষী হ’ব পাৰিব।
কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ বাবে পদ্মনাভাস্বামী মন্দিৰ অতি বিশেষ। এই মন্দিৰৰ লগত নগৰৰ নামো জড়িত হৈ আছে। ‘থিৰু’ ‘অনন্ত’ ‘পুৰম’ মানে ভগৱান অনন্ত পদ্মনাভৰ পবিত্ৰ বাসস্থান। এই প্ৰাচীন দ্ৰাবিড় শৈলীৰ মন্দিৰটো ট্ৰেভাংকুৰ ৰাজপৰিয়ালৰ বংশধৰসকলে পৰিচালনা কৰা এটা ট্ৰাষ্টে পৰিচালনা কৰে।
পদ্মনাভ স্বামী মন্দিৰৰ অপৰিসীম ধন আৰু ৰহস্যময় বেছমেণ্টৰ বাবেও বিখ্যাত হৈ আহিছে ৷ প্ৰথমে ট্ৰেভানকোৰ ৰাজপৰিয়ালৰ বংশধৰসকলে এই ধনৰ মালিকীস্বত্বক লৈ দীৰ্ঘদিনীয়া আইনী যুদ্ধ কৰিছিল, তাৰ পিছত ৰহস্যময় ভল্টবোৰ খুলি দিয়াৰ বাবে গোচৰ ৰুজু কৰা হৈছিল। ২০১১ চনত আই পি এছৰ প্ৰাক্তন বিষয়া টি পি সুন্দৰৰাজনৰ আবেদনত উচ্চতম ন্যায়ালয়ে মন্দিৰৰ কোষাগাৰ নিৰীক্ষণৰ বাবে সাতজনীয়া এখন সমিতি গঠন কৰিছিল। জুন মাহলৈকে ছটা ভল্টত উদ্ধাৰ হৈছিল ১ লাখ ৩২ হাজাৰ কোটি টকাৰ ধন। তাত ৰখা ৰত্ন, সিংহাসন, মূৰ্তি আৰু গহনাবোৰৰ বিশাল মূল্যৰ বিষয়ে কাৰো কোনো ধাৰণা নাছিল।
ভল্ট-বি অৰ্থাৎ সপ্তম বেছমেণ্টটো কেতিয়াও খোলা হোৱা নাই আৰু আজিলৈকে কোনেও এই ধনৰ ৰহস্য জানিব পৰা নাই। যিয়ে খুলিবলৈ চেষ্টা কৰিব তেওঁ দুৰ্ভাগ্যৰ সন্মুখীন হ’ব বুলি বিশ্বাস কৰা হয়। লগতে পৃথিৱীত এক বিপৰ্যয় হ’ব। সপ্তম দুৱাৰত তলা বা শিকলি নাই। ইয়াৰ কাঠৰ গেটত থকা সাপৰ চিনটোক সতৰ্কবাণী বুলি গণ্য কৰা হয়।
দেৱতাসকলে নিজেই ৰক্ষা কৰা সপ্তম গোপন বেছমেণ্টত অপৰিসীম ধন-সম্পত্তি আছে বুলিও বিশ্বাস কৰা হয়। শেষৰ দুৱাৰখন নগাপাশম মন্ত্ৰেৰে বন্ধ হৈ থকা বুলি বিশ্বাস, যাৰ বাবে ইয়াক খুলিবলৈ গৰুড় মন্ত্ৰৰ শুদ্ধ জ্ঞান আৰু উচ্চাৰণৰ প্ৰয়োজন। যদি ইয়াত কোনো ভুল হয় তেন্তে মৃত্যু নিশ্চিত বুলি মান্যতা।
কোৱা হয় যে ১৯০৮ আৰু ১৯৩১ চনত ইংৰাজে চেলাৰবোৰ ঘেৰাও কৰিবলৈ চেষ্টা কৰিছিল যদিও হঠাতে হাজাৰ হাজাৰ সাপৰ উপস্থিতিৰ বাবে সফল নহ’ল। কাকতলীয়াভাৱে ২০১১ চনত সপ্তম দুৱাৰ খোলাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা টি পি সুন্দৰৰাজনৰ মৃত্যু হয়। পিছত ট্ৰেভানকোৰ ৰাজপৰিয়ালৰ আবেদনত উচ্চতম ন্যায়ালয়েও সপ্তম গেট খোলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।
পদ্মনাভাস্বামী মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল তাৰ কোনো প্ৰামাণিক প্ৰমাণ পোৱা নাযায়। বহু ইতিহাসবিদে ইয়াক ৫০০০ বছৰ পুৰণি বুলি গণ্য কৰে। ইয়াৰ দ্ৰাবিড় শৈলীৰ আধাৰত এই মন্দিৰটো ১৬ শতিকাৰ বুলি ধৰা হয়। ১৭৫০ খ্ৰীষ্টাব্দত ট্ৰাভাংকুৰৰ মহাৰাজ মাৰ্থাণ্ড বৰ্মাই পদ্মনাভ স্বামীৰ নামত নিজৰ ৰাজ্য উচৰ্গা কৰে। তেতিয়াৰ পৰাই ৰাজ পৰিয়ালে এই মন্দিৰৰ যত্ন লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















