দেৱগুৰু বৃহস্পতিক কোৱা হয় সৌভাগ্যদাতা৷ বৃহস্পতিৰ স্থান পৰিবৰ্তনত ভাগ্যত বৃহৎ পৰিবৰ্তন আহিব৷ এই বছৰতেই বৃহস্পতিৰ স্থান পৰিবৰ্তনত বৃহৎ লাভৰ মুখ দেখিব কেইটামান ৰাশিৰ জাতক জাতিকাই৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতি গ্ৰহক ধন, দান, পুণ্য আৰু বৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়৷ সেয়ে দেৱগুৰুৰ কৃপাত বেয়া সময় আঁতৰি ভাল সময় আহিব৷ ২০২৫ৰ শেষত গুৰু বক্ৰী হব৷ ১১ নৱেম্বৰ ২০২৫ৰ গুৰু বক্ৰী হব আৰু ৫ ডিচেম্বৰ ২০২৫ পৰ্যন্ত ওলোটা গতিত চলিব৷ প্ৰায় ২৫ দিন পৰ্যন্ত মিথুন ৰাশিত বৃহস্পতিৰ বক্ৰী থাকিব আৰু সেই সময়ত ৩ ৰাশিৰ জাতক জাতিকা লাভৱান হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ সময় আহিব গুৰু বক্ৰীৰ ফলত৷ অপ্ৰত্যাশিত ধন আহিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ আপোনাৰ জ্ঞানে আপোনাক লাভ দিব৷ বিনিয়োগৰ পৰা লাভ হব পাৰে৷ চিন্তা ভাৱনা কৰি কৰা বিনিয়োগৰ পৰা লাভ হব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাইয়ো ভাল সময় কটাব৷ কেৰিয়াৰ আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই বৃহৎ লাভৰ মুখ দেখিব এই ৰাশিৰ জাতক জাতিকাই৷ চাকৰিয়ালৰ প্ৰমোছনৰ সম্ভাৱনা৷ বেকাৰসকলে চাকৰি লাভ কৰিব৷ জীৱনত সুখ সমৃদ্ধি বৰ্তি থাকিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাও লাভৱান হব বৃহস্পতিৰ গোচৰত৷ আৰ্থিক লাভৰ মুখ দেখিব এই ৰাশিৰ জাতক জাতিকাই৷ দীৰ্ঘ যাত্ৰাত ওলাব পাৰে৷ আয় বাঢ়িব৷ প্ৰমোছন হব৷ সমাজত মান সন্মান পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ