ক’ৰণাৰ কালৰূপ! মাথো কেইটামান সপ্তাহতেই দেশত প্ৰায় ৫০০০ সংক্ৰমিত, অসমতো ৮ গৰাকী
ক’ৰণাই পুনৰ গা কৰি উঠিছে দেশত। মাথো কেইটামান সপ্তাহৰ ভিতৰতেই ভাৰতবৰ্ষত ধৰা পৰিছে প্ৰায় ৫০০০ সংক্ৰমিত লোক। লগতে ক’ৰণাৰ বাবে প্ৰাণ হেৰুৱাইছে ৫১ গৰাকী লোকে। অসমতো ৮গৰাকীৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৫ চনৰ ৫ জুন পৰ্যন্ত ভাৰতত মুঠ ৪,৮৬৬ জন সক্ৰিয় Covid-19 ৰোগী ধৰা পৰিছে। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত কেৰালাত, ৰাজ্যখনত মুঠ সংক্ৰমিত লোক – ১৪৮৭ জন।
তেনেদৰে দেশৰ অন্য ৰাজ্য সমূহৰ সংক্ৰমিত লোকৰ সংখ্যা এনেধৰণৰ- দিল্লী (৫৬২), আৰু পশ্চিম বংগ (৫৩৮), মহাৰাষ্ট্ৰ (৫২৬), গুজৰাট (৫০৮), কৰ্ণাটক (৪৩৬), তামিলনাডু (২১৩), উত্তৰ প্ৰদেশ (১৯৮), ৰাজস্থান (১০৩), হাৰিয়ানা (৬৩), অন্ধ্ৰপ্ৰদেশ (৫০), বিহাৰ (৩১), মধ্যপ্ৰদেশ (৩০), ছত্তীশগড় (১৯), ওড়িশা (১৮), পুডুচেৰী (১৭), পঞ্জাব (১৬), ছিকিম (৯), ঝাৰখণ্ড (৮), অসম (৮), গোৱা (৮), উত্তৰাখণ্ড (৬), জম্মু-কাশ্মীৰ (৫), তেলেংগানা (৩), চণ্ডীগড় (২), হিমাচল প্ৰদেশ (১)।
সাতটা অঞ্চল — ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, আৰু আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জত সক্ৰিয় ৰোগীৰ সংখ্যা বৰ্তমানে শূন্য।
আনাহতে বিশ্বজুৰি চাবলৈ গ’লে বৰ্তমানে চীন, ছিংগাপুৰ, টাইৱান, আৰু আমেৰিকাত সৰ্বাধিক কৰ’নাত আক্ৰান্ত হৈছে লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















