গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ
তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰাই গোপনে বিবাহ পাশত আৱদ্ধ হয়। স্বামী ৰূপে বৰণ কৰে বিজু জনতা দলৰ নেতা তথা ওড়িশাৰ পুৰীৰ ৪ বাৰৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা পিনাকী মিশ্ৰক ।
দুয়োৰে একেলগে ফটো ভাইৰেল হৈ পৰিছে, যদিও এতিয়ালৈকে দুয়োৰে পৰা বিবাহ সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই। বাতৰি অনুসৰি মাহুৱা আৰু পিনাকিৰ বিবাহ জাৰ্মানীত হৈছে।
‘দ্য টেলিগ্ৰাফ’ত প্ৰকাশিত এক বাতৰি অনুসৰি জাৰ্মানীত মহুৱা আৰু পিনাকিয়ে মনে মনে বিবাহ পাশত আৱদ্ধ হয়। এই বিষয়ত এতিয়ালৈকে টিএমচিৰ পৰা কোনো সঁহাৰি পোৱা নাই।
মাহুৱাৰ পূৰ্বে ডেনিছ বিত্তীয় বিষয়া লাৰ্ছ ব্ৰ’ৰ্চেনৰ সৈতে সম্পৰ্ক আছিল যদিও তেওঁলোকৰ বিবাহ বেছি দিন তিষ্টিব নোৱাৰে আৰু তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। উল্লেখ্য যে, মহুৱা আৰু পিনাকী দুয়োৰে এয়া দ্বিতীয় বিবাহ।
বৰ্তমানে মহুৱা মৈত্ৰাই সাংসদ হিচাপে দ্বিতীয়টো কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ কৃষ্ণ নগৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নির্বাচনত মহুৱাই জয়লাভ কৰিছিল। একেখন আসনৰ পৰাই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয় মহুৱা। দুয়োবাৰেই বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি জয়ী হৈছিল মহুৱা।
আনহাতে বিজু জনতা দলৰ নেতা পিনাকী মিশ্ৰ ওড়িশাৰ পুৰীৰ ৪ বাৰৰ সাংসদ। লোকসভাৰ তথ্য অনুসৰি পিনাকীয়ে প্ৰথমে সংগীতা মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৯৮৪ চনৰ ১৬ জানুৱাৰীত পিনাকি আৰু সংগীতাৰ বিবাহ হয়। তেওঁলোকৰ দুটা সন্তানো আছে। সূদীৰ্ঘকাল অকলে থকাৰ পাছত এতিয়া ৬৫ বছৰ বয়ত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয় পিনাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















