ভয়ংকৰ পথ দুৰ্ঘটনা, অটোৰ ওপৰত বাগৰি পৰিল ট্ৰাক, ৯ নিহত, আহত কেইবাজনো
মধ্যপ্ৰদেশৰ ৰেৱাৰ মৃত্যুৰ উপত্যকা বুলিও জনাজাত সোহাগী উপত্যকাত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
আজি বৃহস্পতিবাৰে বিয়লি সোহাগী থানা এলেকাৰ অন্তৰ্গত ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ গৈ আছিল। কিন্তু মাজবাটতে ট্ৰাকখনে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ এখন অ’টোৰ ওপৰত বাগৰি পৰে।
ঘটনাৰ সময়ত অটোখনত মুঠ ৮ জন যাত্ৰী আছিল, এই দুৰ্ঘটনাৰ বাবে অটো আৰোহীসকল বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। লগতে ঘটনাস্থলীতে ৪ জন লোকে প্ৰাণ হেৰুৱায়। আনহাতে ৫ জন লোকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱায়।
অটোখনত যাত্ৰা কৰা আটাইকেইজন লোক মৌগঞ্জৰ নাইগাধীৰ বাসিন্দা আছিল, আনহাতে ট্ৰাকখন প্ৰয়াগৰাজ হৈ ৰেৱাৰ দিশে যাত্ৰা কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















