মাথো ২৯ বছৰতেই ক্ৰিকেটক বিদায় দি বিশ্বক আচৰিত কৰিলে বিস্ফোৰক ক্ৰিকেটাৰে
বিস্ফোৰক বেটিঙেৰে বৰ্তমানৰ ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰা ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰানে মাথো ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। পুৰণৰ অৱসৰৰ কথা ঘোষণাৰ লগে লগে বিশ্ব ক্ৰিকেট আচৰতি হৈ পৰে।
বিশ্বমানৰ বেটছমেন আৰু গেম চেঞ্জাৰ হিচাপে পৰিচিত নিকোলাছ টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক ১০৬খন মেচ খেলা ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ আৰু তেওঁৰ নামত ২,২৭৫ ৰান আছে।
টি-২০ ইণ্টাৰনেশ্যনেলত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীও পুৰান। খেলপথাৰত পুৰাণৰ প্ৰদৰ্শন আৰু দলৰ ভিতৰত তেওঁৰ প্ৰভাৱে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটত স্থায়ী প্ৰভাৱ পেলাইছে। টি-২০ ইণ্টাৰনেশ্যনেলৰ উপৰিও পূৰানে ৱেষ্ট ইণ্ডিজৰ হৈ ৬১খন এদিনীয়া খেলি মুঠ ১৯৮৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
পুৰণে ইনষ্টাত এটা পোষ্ট শ্বেয়াৰ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা কৈছে। পুৰানে লিখিছে, “তেওঁ ভালপোৱা খেলখনে তেওঁক বহুত দিছে আৰু দি থাকিব। সুখ, অবিস্মৰণীয় স্মৃতি আৰু ৱেষ্ট ইণ্ডিজ দলটোক প্ৰতিনিধিত্ব কৰাৰ সুযোগ। মেৰুণ জাৰ্চি পিন্ধি, ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় দিয়া আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিয়াৰ সময়ত নিজৰ সকলোখিনি উজাৰি দিয়া… তেওঁৰ বাবে ইয়াৰ প্ৰকৃত অৰ্থ কি সেয়া শব্দৰে প্ৰকাশ কৰাটো কঠিন। অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিয়াটো এটা সন্মান যিটো তেওঁ সদায় নিজৰ হৃদয়ৰ ওচৰত ৰাখিব।”
এদিনীয়া মেচত নিকোলাছ পুৰাণৰ তিনিটা শতক আৰু ১১টা অৰ্ধশতক। একে সময়তে পুৰানে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১১টা অৰ্ধশতক অৰ্জন কৰিছে। উল্লেখ্য যে নিকোলাছ পুৰানে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত কেতিয়াও টেষ্ট খেলাৰ সুযোগ পোৱা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















