মেঘালয়লৈ হানিমুনলৈ গৈ স্বামীক হত্যাৰ ঘটনাত ধৰা পৰিছে সোনম ৰঘুবংশীসহ পাঁচজনকৈ লোক৷ ধৃতসকলৰ মাজত আছে সোনমৰ চৰ্চিত প্ৰেমিক ৰাজ সিং কুশৱাহাও৷ সেই ঘটনাৰ তদন্তত এইবাৰ উঠিছে নতুন তথ্য৷ আৰক্ষী সূত্ৰৰ পৰা জনা গৈছে যে কোটি কোটি টকাৰ ছানমাইকাৰ ব্যৱসায় আছে ৰঘুবংশী পৰিয়ালৰ৷ ইন্দোৰৰ বিশেষ এলেকাত আছে তেওঁলোকৰ ছানমাইকা তৈয়াৰৰ এক কাৰখানাও৷
সেই কাৰখানাৰ পৰা বাৰ্ষিক মুনাফা হয় প্ৰায় ১২ৰ পৰা ১৫ কোটি টকা৷ সেই কাৰখানাতেই কৰ্মচাৰী হিচাপে কাম কৰে সোনমৰ প্ৰেমিক ৰাজেও৷ কাৰখানাৰ ছুপাৰভাইজাৰ হিচাপে কাম কৰাৰ বাবে মাহিলী ২০০০০ টকা দৰমহা পাইছিল তেওঁ৷ অন্যহাতে সোনমৰ স্বামী ৰাজা ৰঘুবংশীৰ পৰিয়ালৰো ট্ৰান্সপৰ্টৰ ব্যৱসায় আছে৷ ইন্দোৰত ৰঘুবংশী ট্ৰান্সপৰ্ট নামেৰে পৰিবহনৰ ব্যৱসায় আছে তেওঁলোকৰ৷ ৰাজাৰ তিনি ভায়েক মিলি যৌথভাৱে সেই ব্যৱসায় সম্ভালি আছে৷
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি স্বামীক হত্যা কৰাৰ বাবে ভাৰাতীয়া হত্যাকাৰী ২০ লাখ টকা পৰ্যন্ত দিবলৈ ৰাজী হৈছিল সোনম৷ আনকি প্ৰেমিককো আশ্বাস দিছিল বিধৱা হলে তেওঁক বিয়া কৰাব৷ ২০ হাজাৰ টকাৰ পৰা একেবাৰে ২০ লাখ টকা পাই ৰাজেই হত্যাত সংগ দিছিল সোনমক বুলিও তথ্য প্ৰকাশ পাইছে৷
এই সকলো অভিযোগ অস্বীকাৰ কৰিছে ৰাজৰ পৰিয়ালে৷ ৰাজৰ মাতৃৰ মত, ‘পুত্ৰই কেতিয়াও এনে কাম কৰিব নোৱাৰে৷ সোনম আৰু তেওঁৰ পৰিয়ালে কামৰ বাবে ফোন কৰে৷ তেওঁলোকৰ অন্য কোনো সম্পৰ্ক নাছিল৷’ মাতৃয়ে জনাই যে ৰাজৰ বয়স মাত্ৰ ২০ বছৰ৷ দশম শ্ৰেণী পাছ কৰিছেহে মাত্ৰ৷ ৰাজৰ বন্ধু ৰাহুল ৰাজপুতেও কৈছে, ‘সোনমক বা বুলি মাতিছিল ৰাজে৷ দুই এবাৰ ৰাখীও বান্ধিছে সোনমে৷ আমি বিশ্বাস নকৰো যে সি তেনে কৰিব পাৰিব৷’
মধুচন্দ্ৰিমাত গৈ স্বামীক হত্যাক অভিযোগত ১৭ দিন পাছত উত্তৰপ্ৰদেশৰ গাজিপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে সোনম৷ ১১ মেত বিয়া হৈছিল তেওঁলোকৰ৷ বিগত ২ জুনত ছহৰাত দেহ উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ৷ কিন্তু বিচাৰি পোৱা নাছিল সোনমক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















