চৰম মৰ্মান্তিক! দেশ এৰি ব্ৰিটেইনলৈ গৈ স্থায়ীভাৱে বসবাস কৰাৰ সপোন দেখিয়েই বিমানত উঠিছিল চিকিৎসক কোমি বছ৷ স্বামীৰ সৈতে তিনি সন্তানক লৈ তেওঁ লণ্ডনলৈ যাবলৈ সাজু হৈছিলহে মাত্ৰ৷ কিন্তু ব্ৰিটেইনগামী বিমান আকাশত উৰাৰ মাত্ৰ কেইমিনিটৰ ভিতৰতেই ভয়ংকৰ দুৰ্ঘটনা৷ ব্ৰিটেইনলৈ গৈ জীৱনৰ নতুন অধ্যায় আৰম্ভ হোৱাৰ আগতেই সকলো শেষ৷ নিহত হৈছে চিকিৎসক পৰিয়ালৰ পাঁচ সদস্যই৷ শোকৰ ছাঁ এতিয়া ৰাজস্থানৰ বাঁশৱায়াৰা চহৰত৷
চিকিৎসক কোমি বছৰ স্বামী প্ৰতীক যোশীয়ে বিগত ৬ বছৰ ধৰি লণ্ডনত বসবাস কৰিছিল৷ তেওঁ পেছাত এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ৷ প্ৰতীক যোশীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী আৰু তিনি সন্তানক বিদেশলৈ অনাৰ বাবে চেষ্টা কৰিছিল তেওঁ৷ বিচাৰিছিল সন্তানৰ ভৱিষ্যৎ উন্নত দেশত গঢ়ি উঠক৷ অৱশেষত এই সপোন বাস্তৱায়িত হোৱাৰ দিশেৰেই আগুৱাইছিল৷ কিন্তু ভাগ্যৰ নিৰ্মম পৰিহাস৷ সন্তান আৰু পত্নীক ব্ৰিটেইনলৈ নি নতুন জীৱনৰ পৰিচয় কৰাই দিয়া নহ’ল প্ৰতীকৰ৷ ব্ৰিটেইনলৈ যাবলৈ আহমেদাবাদৰ সেই অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানতেই উঠিছিল তেওঁলোকো৷
চিকিৎসক ডাঃ কোমি বছে ব্ৰিটেইনলৈ যোৱাৰ বাবে দুদিন পূৰ্বে পদত্যাগপত্ৰ জমা দিছিল ৰাজস্থানৰ সংস্থাত৷ কিন্তু বিমান দুৰ্ঘটনাৰ পাছতেই এই পৃথিৱী এৰি বহু দূৰলৈ গুচি গল চিকিৎসক কোমি৷ কেৱল তেৱেই নহয় তেওঁৰ পৰিয়ালৰ সকলোৱেই এতিয়া চিৰনিদ্ৰাত৷
চুবুৰীয়াই কোমিৰ পৰিয়াল সন্দৰ্ভত দিয়া তথ্য অনুসৰি তেওঁৰ পৰিয়ালৰ প্ৰত্যেকজনেই উচ্চশিক্ষিত৷ সন্তানকো তেনেকৈয়ে গঢ় দিয়াৰ মানসেৰেই ব্ৰিটেইনলৈ লৈ যাব খুজিছিল কোমি আৰু প্ৰতীকে৷ কিন্তু সেই সপোন সপোন হৈয়েই ৰ’ল৷ কোমি আৰু প্ৰতীকৰ সন্তানক ব্ৰিটেইনৰ স্কুলত পঢ়োৱাই সন্তানক একোগৰাকী শিক্ষিত নাগৰিক কৰি গঢ়ি তোলাৰ সপোন পুৰি ছাই হ’ল অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰতেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















