আমাৰ দৈনিক খাদ্যতালিকাত এনে কিছু খাদ্য আছে যি স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ নিয়মিত সেইসমূহ পাচলি খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ খাদ্যতালিকাত থকা এবিধ পাচলি হৈছে নহৰু৷ নহৰুত প্ৰচুৰ পৰিমাণে জিংক, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়ামৰ দৰে খনিজ থাকে৷ ইয়াৰোপৰি ভিটামিন চি, ভিটামিন কে, ফলেট, নিয়াছিন আৰু থায়ামিনেৰে ভৰপুৰ হৈ থাকে নহৰু৷ বহুবিধ পুষ্টিগুণেৰে সমৃদ্ধ নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়৷
নহৰুৰ গুণৰ শেষ নাই৷ পুৰুষৰ যৌন ক্ষমতা বঢ়োৱাতো প্ৰাচীনকালৰে পৰাই নহৰুৰ ব্যৱহাৰ কৰা হয়৷ যৌন আকাংক্ষা উভতাই অনাৰ বাবে নহৰু খুবেই কাৰ্যকৰী৷ বহু সময়ত যৌনতাৰ ইচ্ছা খুবেই বেছি হলে তাৰ প্ৰয়োগে স্নায়ুতন্ত্ৰৰ ক্ষতি কৰিব পাৰে৷ সেই ক্ষতিও মেৰামতি কৰে নহৰুৱে৷ নহৰু খালে স্নায়ুৰ সমস্যাৰ সমাধান পোৱা যায়৷ গৱেষণাত দেখা গৈছে প্ৰতিদিনে নিয়মমতে কেঁচা নহৰু খালে মহিলা আৰু পুৰুষ উভয়ৰেই যৌৱন দীৰ্ঘস্থায়ী হয়৷
নহৰুত প্ৰচুৰ পৰিমানে এনজাইম আছে৷ খাদ্যতালিকাত কেঁচা নহৰু যোগ কৰিলে খাদ্য হজম হোৱাত সহায়ক৷ বিশেষজ্ঞসকলৰ মতে অন্ত্ৰ স্বাস্থ্যও ৰক্ষা কৰে৷ উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিসকলে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত এই পাচলি খোৱাৰ পৰামৰ্শ দিয়া হয়৷ নহৰুৱে শৰীৰৰ বেয়া কোলেষ্টেৰলৰ মাত্ৰা কমোৱা আৰু ভাল কলষ্টেৰলৰ মাত্ৰা বঢ়োৱাত সহায় কৰে, ফলত হৃদৰোগৰ আশংকা কমায়৷ অনিদ্ৰাৰ সমস্যা দূৰ কৰিবলৈ কাৰ্যকৰী নহৰু৷
অলপ ঘি দি নহৰু খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ ইৰেকছনজনিত সমস্যা বহুপৰিমাণে কমি যায়৷ খালী পেটত নহৰু দুফুটা খালেও ছৰ্দি কাঁহৰ সমস্যা দূৰ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















