লণ্ডনৰ উদ্দেশ্যে ৰাওনা হলেও চেন্নাইতেই ৰৈ গ’ল ব্ৰিটিছ এয়াৰৱেজৰ বিমান৷ ইৰানৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই পশ্চিম এছিয়াত উত্তেজনা কেইবাগুণো বৃদ্ধি পাইছে৷ বন্ধ কৰা হৈছে ইৰাণৰ আকাশসীমা৷ কেৱল ইৰানেই নহয়, ইজৰায়েলেও তেওঁলোকৰ আকাশসীমা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ সেই কাৰণেই বাধ্য হৈ মাজ আকাশৰ পৰা চেন্নাইলৈ উভতি আহিছে লণ্ডনগামী এখন বিমান৷
সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি লণ্ডনগামী ব্ৰিটিছ এয়াৰৱেজৰ সেই বিমানখনে ভাৰতীয় সময়মতে পুৱা ৫ বাজি ৩৫ মিনিটত চেন্নাই বিমান বন্দৰৰ পৰা উৰাৰ কথা আছিল৷ কিন্তু ৪০ মিনিট দেৰীকৈ ২০৬ জন যাত্ৰীক লৈ গন্তব্য স্থানলৈ ৰাওনা হয় বিমানখন৷ ভাৰতৰ আকাশসীমা অতিক্ৰম কৰি আৰৱ সাগৰ অঞ্চলত প্ৰৱেশ কৰাৰ পাছতেই ইৰানৰ আকাশসীমা বন্ধৰ খবৰ লাভ কৰে বিমানৰ পাইলটে৷ তাৰপিছতেই আকৌ ফ্লাইটখন চেন্নাইলৈকে ঘূৰাই অনাৰ সিদ্ধান্ত লয়৷ চেন্নাই বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে যোগাযোগ কৰে পাইলটে৷ সেউজ সংকেত লাভ কৰোতেই ইউটাৰ্ণ লয় বিমানখনে৷ পুৱা ৮ বাজি ৫ মিনিটত আকৌ চেন্নাই বিমানবন্দৰত অৱতৰণ কৰে৷ ব্ৰিটিছ এয়াৰৱেজৰ তৰফৰ পৰা বিষয়টো নিশ্চিত কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















