বিৰল ৰোগত আক্ৰান্ত ছলমান খান৷ নাৰ্ভ আৰু মস্তিষ্কৰ একাধিক ৰোগৰ চিকাৰ হৈছে তেওঁ৷ যি প্ৰাণঘাতীও হব পাৰে বুলি জনাইছে ছলমানে নিজেই৷ নিজৰ এই অসুস্থতাৰ কথা জনাইছে বলীউডৰ ভাইজানে৷ তেওঁ জনাইছে যে এই ৰোগৰ সৈতে প্ৰতিদিনে কেনেকৈ তেওঁ সংগ্ৰাম চলাই গৈছে৷
সম্প্ৰতি দ্যা গ্ৰেট কপিল শৰ্মা শ্ব’ চিজন-৩ত প্ৰথম বিশেষ অতিথি হিচাপে আহিছিল ছলমান খান৷ সনিবাৰে নেটফ্লিক্সৰ সেই বিশেষ পৰ্ব সম্প্ৰচাৰ হৈছে৷ সেই বিশেষ পৰ্বলৈ আহি নিজৰ জীৱনৰ নানান দিশৰ কথা আলোচনা কৰিছে বলীউডৰ ৫৯ বছৰীয়া অভিনেতা ছলমান খানে৷ সেই বিশেষ পৰ্বত কপিলে তেওঁক বিবাহক লৈ প্ৰশ্ন কৰিছে৷ তেতিয়াই ছলমানে কয়, ‘বিয়া আৰু বিবাহবিচ্ছেদ এই দুইটাৰ বাবে ডাঙৰ এক মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হয়৷ দুটাই জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আৰু সেয়ে দুইটাৰ পাছতেই নতুন জীৱন আৰম্ভ কৰা খুব সহজ নহয়৷’
এই আলোচনাৰ মাজতেই ছলমানে জনায় যে তেওঁ এইমুহূৰ্তত একাধিক বিৰল ৰোগত ভূগি আছে৷ কিন্তু হাৰ মানি যোৱা নাই৷ কাম কৰি গৈছে৷ নিজকে প্ৰতিমুহূৰ্ততে নিঃশব্দে প্ৰেৰণা জগাই আহিছে৷ ছলমানে কয়, ‘এই যে প্ৰতিদিনে কঠিন যুঁজ চলাই আছো৷ প্ৰতিনিয়ত নিজকে স্বাভাৱিক ৰখাৰ চেষ্টা কৰিছো, এয়া সহজ নহয়৷ এভি ম্যলফৰ্মেছন, ট্ৰাইজেমিনেল নিউৰোলজিয়া আৰু এনেউৰিজমৰ দৰে কঠিন ৰোগে শৰীৰত বাঁহ বন্ধাৰ পাছতো কাম কৰি আছো৷ নিজকে সুস্থ ৰাখিবলৈ চেষ্টা কৰিছো৷ প্ৰতিনিনে মনলৈ আহে মোৰ শৰীৰৰ এটাকৈ হাড় যেন ভাঙি আছে৷ ইমানেই কষ্ট হয় যে মোৰ বাবে বিবাহৰ দৰে সিদ্ধান্ত জীৱনৰ এই সময়ত লোৱাটো কঠিন৷ বিবাহৰ পাছত মিলামিছা নহলে তেওঁ এৰি থৈ যাব আৰু লগতে মোৰ কষ্টোপাৰ্জিত সমস্ত সম্পত্তিৰ আধা অংশও লৈ যাব৷ যদি এনে হয় তেন্তে মই সকলোবোৰ সহজে মানি লব নোৱাৰিম৷’
ভাইজানৰ শৰীৰত বাঁহ বন্ধা এই বিৰল ৰোগে প্ৰকৃততে কি কি সমস্যা তৈয়াৰ কৰে সেয়া জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী৷ শৰীৰত কি কি অসুবিধা হয় এই বিৰল ৰোগৰ কাৰণে? জনা গৈছে যে ট্ৰাইজেমিনেল নিউৰোলজিয়া মূলত নাৰ্ভৰ অসুখ৷ যাৰ ফলত ভয়ংকৰভাৱে নাৰ্ভ ক্ষতিগ্ৰস্থ হোৱাক ওপৰিও মুখমণ্ডলৰ ভয়ংকৰ যন্ত্ৰণা আৰম্ভ হয় যি প্ৰাণঘাতীও৷ অন্যহাতে এভি মেলফৰ্মেছনো কম জটিল ৰোগ নহয়৷ শৰীৰত স্বাভাৱিকভাৱে ৰক্ত চলাচলত সমস্যা তৈয়াৰ কৰে৷ যাৰ ফলত শিৰা আৰু ধমনীত ৰক্ত চলাচলৰ সময়ত অস্বাভাৱিকভাৱে তেজ গোঁট মাৰে৷ অন্যহাতে আৰু এক বিৰল ৰোগ ব্ৰেইন এনিউৰিজমত মস্তিস্কত অস্বাভাৱিকভাৱে তেজ গোট মাৰি ৰক্তনলী ফুলি যায় যাৰ ফলত সেয়া ফাঁটিও যাব পাৰে৷ ইয়াৰ ফলত মস্তিষ্ক মাৰাত্মকভাৱে ক্ষতিগ্ৰস্থ হৈ প্ৰাণহানিও হব পাৰে৷ ২০১৭ চনৰ পৰা ট্ৰাইজেমিনেল নিউৰোলজিয়া ৰোগত আক্ৰান্ত ছলমান খান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ