পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা PPF হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক দীৰ্ঘম্যাদি সঞ্চয় আৰু বিনিয়োগ পৰিকল্পনা৷ যিকোনো ৰাষ্ট্ৰায়ত্ত বেংক বা পোষ্ট অফিচত পিপিএফ একাউণ্ট খুলিব পাৰি৷ ইয়াত অন্যান্য স্কিমৰ তুলনাত বহু বেছি সুদ পোৱা যায়৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এয়া সম্পূৰ্ণভাৱে কৰমুক্ত৷
বৰ্তমান পিপিএফত ৭.১শতাংশ সুদ দিয়া হৈছে৷ নিয়ম অনুসৰি এই স্কিমত বছৰি নূন্যতম ৫০০ টকা আৰু সৰ্বোচ্চ ডেৰ লাখ টকা জমা কৰিব পাৰে৷ ইয়াত এককালীন বা কিস্তিতো টকা জমা দিয়াৰ সুবিধা আছে৷ পিপিএফত আপুনি ১৫ বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে৷
যিকোনো ভাৰতীয় নাগৰিকে এই একাউণ্ট খুলিব পাৰে৷ ৰাষ্ট্ৰায়ত্ত বেংক, বেচৰকাৰী কিছু অনুমোদিত বেংক আৰু ডাকঘৰত এই একাউণ্ট খোলাৰ সুবিধা আছে৷ গেৰেণ্টিসহ ৰিটাৰ্ণ ইয়াত আপুনি পাবই৷ সেয়ে পিপিএফ অত্যন্ত জনপ্ৰিয় এক স্কিম৷ PPF স্কিম সাধাৰণতে মধ্যবিত্ত আৰু সঞ্চয় প্ৰবণ নাগৰিকৰ বাবে ভাল বিকল্প৷ দীৰ্ঘম্যাদি আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু কৰ সাশ্ৰয়ৰ বাবে ই অত্যন্ত কাৰ্যকৰী এট উপায়৷ আপুনি যদি পোষ্ট অফিচৰ পিপিএফ একাউণ্টত বছৰি ৫০ হাজাৰ টকা জমা কৰে তেন্তে ১৫ বছৰত আপোনাৰ মুঠ বিনিয়োগ ৭,৫০,০০০ টকা হব৷ প্ৰতি বছৰে ৫০ হাজাৰ টকাকৈ জমা কৰিলে মেচিউৰিটিত আপুনি মুঠ ১৩,৫৬,০৭০ টকা পাব৷ ইয়াৰ ৬,০৬,০৭০ টকা আপুনি কেৱল সুদ হিচাপেই পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ