মাত্ৰ ৪২ বছৰতে থমকি গল অভিনেত্ৰী শেফালি জেৰিৱালাৰ জীৱন৷ খবৰ অনুসৰি হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হৈছে শেফালিৰ৷ হাস্পতালত নিয়াৰ পিছতেই চিকিৎসকে মৃত ঘোষণা কৰে৷ এই মুহূৰ্তলৈকে তেওঁৰ দেহ মুম্বাইৰ কুপাৰ হাস্পতালত মৰোনোত্তৰ পৰীক্ষা চলাই থকা হৈছে৷
১৯৭২ চনৰ কাঁটা লাগা শীৰ্ষক গীতটিৰ ২০০২ চনত ৰিমিক্স কৰা হৈছে৷ ৰিমিক্স কৰিছিল ডিজে ডলে৷ সেই ভিডিঅ’তেই প্ৰথম দেখা গৈছিল শেফালি জেৰিৱালাক৷ সেই সময়ত তেওঁৰ অভিব্যক্তি, বুকুৰ টেটুক লৈ বিস্তৰ সমালোচনাও হয়৷ কিন্তু জনপ্ৰিয়তাৰ শিখৰত উপস্থিত হৈ হঠাৎ আকৌ হেৰাই গৈছিল শেফালি৷ নিজ ইচ্ছাতেই কাম কমাই দিছিল তেওঁ৷ নেপথ্যত আছিল এক জটিল ৰোগ৷ প্ৰায় ১৫ বছৰ ধৰি এই ৰোগৰ চিকাৰ হৈ আছিল শেফালি৷
মৃগী ৰোগত আক্ৰান্ত আছিল শেফালি৷ হঠাৎ তেওঁৰ এই ৰোগে উক দিও আহিছিল৷ তাৰপিছত কেনেকৈ এই ৰোগৰ পৰা মুক্তি পালে সেই কথাও নিজেই জনাইছিল শেফালিয়ে৷ শেফালিয়ে এক সাক্ষাৎকাৰত জনাইছিল, ‘১৫ বছৰ বয়সত মই প্ৰথমে মৃগীৰোগত আক্ৰান্ত হওঁ৷ প্ৰায় এক দশক এই ৰোগ কঢ়িয়াই ফুৰিছিলো৷ এই ৰোগ লৈ চলি থকাটো মোৰ বাবে এটা ডাঙৰ চেলেঞ্জ আছিল৷ ঘনে ঘনে মেজাজ সলনি হৈছিল৷ উদ্বেগজনিত সমস্যা আৰু মোৰ স্কুলীয়াজীৱন আৰু সামাজিক মিলামিছাতো এই ৰোগে প্ৰভাৱ পেলাইছিল৷ নিজকে খুব অসহায় লাগিছিল৷ মোৰ আত্মবিশ্বাস একেবাৰেই কমি গৈছিল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















