অসম লাইভ ২৪ঃ পৃথিৱীৰ নিচেই কাষ চাপি আহিব বৃহস্পতি আৰু শনি গ্ৰহ। খালী চকুৰে দেখা পোৱা যাব গ্ৰহ দুটাক। ২১ ডিচেম্বৰত দেখা পোৱা যাব এই বিৰল দৃশ্য। প্ৰায় ৩৯৭ বছৰৰ পিছত দেখা পোৱা যাব এই বিৰল দৃশ্য। ১৬২৩ চনৰ ১৬ জুলাইত পোনপ্ৰথমে একেলগে দেখা পোৱা গৈছিল এই গ্ৰহ দুটা। চলিত বছৰৰ ২১ ডিচেম্বৰত দ্বিতীয়বাৰৰ বাবে খালী চকুৰে দেখা পোৱা যাব এই ৰোমাঞ্চকৰ মুহূৰ্ত। নেহৰু প্লেনেট’ৰিয়ামৰ সঞ্চালক ড০ অৰবিন্দ পাৰানজপায়ে উল্লেখ কৰে যে অহা ২১ ডিচেম্বৰত পৰিলক্ষিত হ’বলগীয়া এই বিৰল দৃশ্য বিজ্ঞানীসকলে ‘বিশাল সংযোগৰ উৎসৱ’ নামাংকিত কৰিছে । ২১ ডিচেম্বৰৰ নিশা ১১.৫০ বজাত ৬ মিনিট ৬ ছেকেণ্ডৰ বাবে দেখা পোৱা যাব এই বিৰল দৃশ্য। ইয়াৰ পাছত ২০৮০ চনৰ ১৫ মাৰ্চতহে পুনৰবাৰ গ্ৰহ দুটাক একেলগে দেখা পোৱা যাব বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ