ইংলেণ্ডে হঠাতে সলনি কৰিলে লৰ্ডছৰ পিটচ, যি সিদ্ধান্তই আচৰিত কৰি তুলিছে সকলোকে
লৰ্ডছ টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ইয়াৰ ২২ গজৰ ষ্ট্ৰিপক লৈ বহু চৰ্চা হৈছে। সকলোৰে মনত একেই প্ৰশ্ন যে লৰ্ডছৰ পিটচ কেনে হ’ব? এডগবাষ্টনত পৰাজয়ৰ পিছত খবৰ আহিছিল যে ইংলেণ্ডে লৰ্ডছত দ্ৰুত আৰু বাউন্সি পিটচ বনাব যিয়ে বলাৰসকলক বহুখিনি সহায় কৰিব।
টিম ইণ্ডিয়াই লৰ্ডছত উপস্থিত হৈয়ে লৰ্ডছৰ পিটচখন প্ৰত্যক্ষ কৰে, তেতিয়া পিটছ যথেষ্ট ঘাঁহেৰে ভৰ্তি হৈ থকা দেখিবলৈ পায়। কিন্তু এতিয়া মেচৰ ঠিক আগে আগে খেলপথাৰৰ অৱস্থা আৰু দিশ সম্পূৰ্ণৰূপে সলনি হৈছে। লৰ্ডছৰ পিটচৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে।
দুদিন পূৰ্বে লৰ্ডছৰ পিটচখন ঘাঁহেৰে ভৰি আছিল। কিন্তু আজি খেলপথাৰৰ পৰা ঘাঁহ আঁতৰোৱা দেখা গৈছে। এতিয়া খেলপথাৰখনলৈ চালে এনে লাগে যেন ইয়াত বহু ৰান হ’ব আৰু কেৱল বেগী বলাৰেই নহয় স্পিনাৰেও ইয়াত সহায় পাব৷
এই খেলপথাৰৰ সৈতে সহায় হোৱাকৈ এতিয়া ইংলেণ্ড দলত অন্তৰ্ভুক্ত হৈছে ছোৱেব বছীৰ। আনহাতে ভাৰতীয় দলটো সালসলনি হোৱা পৰিলক্ষিত হোৱাৰ সম্ভাৱনা।
লৰ্ডছ টেষ্টত টিম ইণ্ডিয়াৰ মাত্ৰ এটা পৰিৱৰ্তনৰ খবৰ। প্ৰসিদ্ধ কৃষ্ণৰ ঠাইত বুমৰাহে সুযোগ পাব বুলি খবৰ ওলাইছে যদিও লৰ্ডছত যি ধৰণৰ পিটচ বনোৱা হৈছে তাক চালে কুলদীপ যাদৱকো প্লেইং ইলেভেনত অন্তৰ্ভুক্ত কৰিব পাৰে বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















