মোদীৰ ৰাজ্যত এতিয়াও অন্ত পৰা নাই দলং দুৰ্ঘটনাৰ নিহতৰ সংখ্যা
গুজৰাটত বদোদৰা আৰু আনন্দ সংযোগী দলং খহি পৰাৰ পিছত এতিয়ালৈকে মহিসাগৰ নদীৰ পৰা ১৫ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰে দুটা মৃতদেহ বৃহস্পতিবাৰে নদীৰ পৰা উলিয়াই অনা হয়।
বুধবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাৰ বুধবাৰেই ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ কেইবাজনো সদস্যই প্ৰাণ হেৰুৱাইছে।
বদোদৰাৰ কালেক্টৰ অনিল ধামেলিয়াই কয় যে এতিয়াও কমেও তিনিজন লোক সন্ধানহীন হৈ আছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে নদীখনত এতিয়াও জীৱিত বা নিহত লোকৰ মৃতদেহৰ সন্ধান চলাই আছে। ধামেলিয়াই কয়, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে নদীখনৰ তলৰ ৪ কিলোমিটাৰ পৰ্যন্ত অনুসন্ধান অভিযান চলাই আছে।
গুজৰাটৰ মন্ত্ৰী ঋষিকেশ পেটেলে কয় যে ১৯৮৫ চনতে নিৰ্মাণ কৰা দলংখন সময়ে সময়ে ৰিনোভেশ্যন কৰা হৈছিল। কিন্তু তাপ পাছতে এই ঘটনা সংঘটিত হোৱাৰ বাবে এই ঘটনাৰ আঁৰৰ সঠিক কাৰণৰ তদন্ত কৰা হ’ব। প্ৰায় ৯০০ মিটাৰ দৈৰ্ঘ্যৰ গম্ভীৰা দলংখনৰ ২৩টা স্তম্ভ আছে আৰু ই গুজৰাটৰ বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















