লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড
ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ লৰ্ডছ খেলপথাৰত অনুষ্ঠিত হৈছে। খেলখনৰ প্ৰথম দিনা দুয়োটা দলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। এফালে ভাৰতীয় বলাৰসকলে ইংৰাজ বেটছমেনসকলক বান্ধি ৰখাৰ বিপৰীতে জো ৰুট আৰু বেন ষ্ট’কছৰ যুটিয়ে ইংলেণ্ডৰ ইনিংছ ভাঙি পৰাৰ পৰা ৰক্ষা কৰে।
বৰ্তমানে ৪ টা উইকেট হেৰুৱাই ৮৩ অভাৰত ২৫১ ৰান সংগ্ৰহ কৰিছে ইংলেণ্ড দলে। ভাৰতৰ গৈ বুমৰাহ আৰু ৰবিন্দ্ৰ জাদেজাই ১ টাকৈ উইকেট লোৱাৰ লগতে নীতিশ কুমাৰ ৰেড্ডীয়ে ২ টা উইকেট দখল কৰিছে।
পাছে এই মেছখনত এতিয়া আজি দ্বিতীয় দিনা জো ৰুটে ইতিহাস ৰচনা কৰাৰ সুযোগ পাব। আৰু মাথো এক ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ষ্টিভ স্মিথক পিছ পেলাই অনন্য ৰেকৰ্ড নিজৰ নামত কৰিব। প্ৰথম দিনাৰ খেলৰ শেষলৈকে জো ৰুটে ৯৯ ৰানত অপৰাজিত হৈ আছে।
বেজবল খেলাৰ বাবে বিখ্যাত ইংলেণ্ডক লৰ্ডছত ভাৰতৰ বিৰুদ্ধে বেলেগ ধৰণৰ ষ্টাইলত খেলা দেখা গৈছিল। জো ৰুটে নিজৰ পুৰণি ষ্টাইলত খেলিছিল আৰু বেটিঙত নিজৰ ক্লাছ দেখুৱাই থকা দেখা গৈছে। ১৯১টা বলৰ সন্মুখত তেওঁ ৯৯ ৰান সংগ্ৰহ কৰিছে। খেলৰ দ্বিতীয় দিনা যেতিয়া ৰুটে বেটিং কৰিবলৈ আহিব তেতিয়া ষ্টিভ স্মিথক পিছ পেলোৱাৰ সুন্দৰ সুযোগ পাব।
এটা ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ ৩৭ সংখ্যক শতক সম্পূৰ্ণ কৰিব আৰু টেষ্টত বেছিভাগ শতকৰ ক্ষেত্ৰত ষ্টিভ স্মিথক পিছ পেলাব। টেষ্টত ষ্টিভ স্মিথৰ নামত আছে ৩৬টা শতক। এতিয়া যদি ৰুটে এই শতক সম্পূৰ্ণ কৰে তেন্তে স্মিথৰ লগতে একে স্থানতে অৱস্থান কৰিব দুয়ো খেলুৱৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















