২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ
কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ গোকৰ্ণাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ৰাছিয়ান মহিলাক দুই কণমানি কন্যাৰ সৈতে হাবিৰ মাজৰ এটা গুহাত বাস কৰা দেখা গৈছে। টহল দি থকাৰ সময়তে গোকৰ্ণা আৰক্ষীয়ে বনাঞ্চলৰ ভিতৰত থকা এটা গুহাত তিনিওজনক উদ্ধাৰ কৰে।
মহিলাগৰাকীৰ নাম নীনা কুটিনা ওৰফে মহী। মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁ আধ্যাত্মিক শান্তিৰ সন্ধানত ভাৰতলৈ আহিছিল আৰু যোৱা দুসপ্তাহ ধৰি তেওঁ কন্যা সন্তানৰ সৈতে গোকৰ্ণাৰ ৰামতীৰ্থ পাহাৰৰ ওপৰত থকা দুৰ্গম আৰু বিপদজনক গুহাত বাস কৰি আছিল।
৯ জুলাইৰ সন্ধিয়া প্ৰায় ৫:০০ বজাত পৰ্যটকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰামতীৰ্থ পাহাৰীয়া অঞ্চলত টহল দি থকা অৱস্থাত গোকৰ্ণ থানাৰ পৰিদৰ্শক শ্ৰীধৰ এছ আৰ আৰু তেওঁৰ দলটোৱে টহল দি থকাৰ সময়তে এই ঘটনা পোহৰলৈ আহে।
হাবিখনত টহল দি থকাৰ সময়তে আৰক্ষীয়ে লক্ষ্য কৰে যে বিপদজনক, ভূমিস্খলনৰ প্ৰৱণ অঞ্চলত অৱস্থিত এটা গুহাৰ ওচৰত মানুহৰ গতিবিধি। তদন্তত তেওঁলোকে ৰাছিয়ান মূলৰ ৪০ বছৰীয়া নীনা কুটিনা নামৰ মহিলাগৰাকীক উদ্ধাৰ কৰে, যিয়ে নিজৰ দুগৰাকী কন্যা প্ৰেমা (৬ বছৰ, ৭ মাহ) আৰু আমা (৪ বছৰ)ৰ সৈতে গুহাৰ ভিতৰত বাস কৰি আছিল।
আৰক্ষীৰ জেৰাৰ সময়ত নীনাই দাবী কৰে যে তেওঁ আধ্যাত্মিক নিসংগতাৰ সন্ধানত গোৱাৰ পৰা গোকৰ্ণালৈ আহিছিল। নগৰীয়া জীৱনৰ হুলস্থুলৰ পৰা আঁতৰি ধ্যান আৰু প্ৰাৰ্থনা কৰিবলৈ জংঘলৰ গুহাত থাকিবলৈ সিদ্ধান্ত লৈছিল। তাইৰ উদ্দেশ্য আধ্যাত্মিক আছিল যদিও এনে পৰিৱেশত শিশুৰ সুৰক্ষাৰ বাবে কৰ্তৃপক্ষ অত্যন্ত চিন্তিত আছিল। গুহাটো থকা ৰামতীৰ্থ পাহাৰত ২০২৪ চনৰ জুলাই মাহত বৃহৎ ভূমিস্খলন হৈছিল আৰু ইয়াত বিষাক্ত সাপকে ধৰি বিপজ্জনক বন্যপ্ৰাণীৰ বাসস্থান হোৱাৰ বাবে ই এক বিপদজনক ঠাই।
মহিলাগৰাকীক পৰামৰ্শ দি বিপদৰ বিষয়ে অৱগত কৰাৰ পিছত আৰক্ষীৰ দলটোৱে সফলতাৰে পৰিয়ালটোক উদ্ধাৰ কৰি পাহাৰৰ পৰা নমাই আনে। মহিলাগৰাকীৰ অনুৰোধত কুমটা তালুকৰ বাংকিকোডলা গাঁৱৰ ৮০ বছৰীয়া সাধ্বী স্বামী যোগত্ন সৰস্বতীৰ দ্বাৰা পৰিচালিত আশ্ৰমলৈ প্ৰেৰণ কৰা হয়।
যেতিয়া বিষয়াসকলে অধিক তদন্ত কৰে তেতিয়া দেখা যায় যে নীনাই নিজৰ পাছপ’ৰ্ট আৰু ভিছাৰ অৱস্থাৰ বিষয়ে তথ্য শ্বেয়াৰ কৰিবলৈ দ্বিধাবোধ কৰিছিল। আৰক্ষী, কল্যাণকামী বিষয়া আৰু আশ্ৰমৰ মুৰব্বীয়ে অধিক প্ৰশ্ন আৰু বুজাই দিয়াৰ পিছত অৱশেষত নীনাই কয় যে তাইৰ নথি-পত্ৰ সম্ভৱতঃ হাবিৰ গুহাটোৰ ক’ৰবাত হেৰাই গৈছে।
গোকৰ্ণা আৰক্ষী আৰু বন বিভাগৰ বিষয়াৰ যৌথ অনুসন্ধানৰ সময়ত তেওঁৰ পাছপ’ৰ্ট আৰু ভিছাৰ নথি-পত্ৰ উদ্ধাৰ কৰে। তদন্তত প্ৰকাশ পাই যে নীনা প্ৰথমে ১৭ এপ্ৰিল, ২০১৭ পৰ্যন্ত বৈধ বিজনেছ ভিছাত ভাৰতলৈ আহিছিল। ২০১৮ চনৰ ১৯ এপ্ৰিলত গোৱাৰ এফ আৰ আৰ অ’ পানাজীয়ে এগজিট পাৰ্মিট জাৰি কৰিছিল আৰু ৰেকৰ্ডত দেখা গৈছে যে পিছত তেওঁ নেপাললৈ গৈছিল আৰু ২০১৮ চনৰ ৮ ছেপ্টেম্বৰত পুনৰ ভাৰতত প্ৰৱেশ কৰিছিল, যাৰ ফলত পাৰ্মিটৰ সময়সীমা অতিক্ৰম কৰিছিল।
এই ভিছা উলংঘাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাগৰাকী আৰু তেওঁৰ কন্যাক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দ্বাৰা পৰিচালিত কাৰৱাৰৰ মহিলা স্বগত কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় আৰু বৰ্তমান তেওঁলোকক সুৰক্ষামূলক জিম্মাত ৰখা হৈছে।
উত্তৰ কানাড়া আৰক্ষী অধীক্ষক এম নাৰায়ণে মহিলাগৰাকী আৰু তেওঁৰ দুটা সন্তানক ৰাছিয়ালৈ ঘূৰাই পঠিয়াবলৈ বেংগালুৰুৰ বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ৰ সৈতে আনুষ্ঠানিক চিঠি-পত্ৰৰ সূচনা কৰিছে। শীঘ্ৰেই বেংগালুৰুত এফ আৰ আৰ অ’ৰ বিষয়াৰ সন্মুখত পৰিয়ালটোক অধিক কাৰ্য্যবিধিৰ বাবে হাজিৰ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















