৭.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, এতিয়া ছুনামীৰ আশংকা, সতৰ্কবাণী জাৰি
আজি ২০ জুলাই তাৰিকে ৰাছিয়াত এক বৃহৎ ভূমিকম্পই জোকাৰি যায়। ৰাছিয়াত নিশা প্ৰায় ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত চাৰিটাকৈ ভূমিকম্প সংঘটিত হয়। চাৰিওটা ভূমিকম্পৰ তীব্ৰতা আছিল ৬ৰ পৰা ৭ৰ ভিতৰত। ইয়াৰে সবাতোকৈ শক্তিশালী ভূমিকম্পটোৰ প্ৰাবল্য ৭.৪ ৰিখটাৰ স্কেল।
পাছে এতিয়া আন এক গভীৰ শংকাই দেখা দিছে । ইটোৰ পিছত সিটোকৈ চাৰিটা ভূমিকম্পৰ বাবে প্ৰশান্ত মহাসাগৰত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। চাৰিওটা ভূমিকম্প কামচাটকা উপদ্বীপৰ পূব উপকূলত সংঘটিত হৈছে।
পেট্ৰ’পাভলভস্ক-কামচাটস্কি চহৰৰ পৰা ১৪৪ কিলোমিটাৰ পূবে সাগৰৰ ভিতৰত ২০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে।
জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্স (জিএফজেড) আৰু নেশ্যনেল চিছম’লজি চেণ্টাৰে (এনচিএছ) এই ভূমিকম্পৰ কথা নিশ্চিত কৰিছে। নিশা ১২:১৯ বজাত অহা প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৪। নিশা ১২:৩৭ বজাত অহা দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৬ ৰিখটাৰ স্কেল। নিশা ১২:৫২ বজাত অহা তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৪ আৰু চতুৰ্থটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬ ৰিখটাৰ স্কেল, নিশা ১২:৫৬ বজাত আহিছিল শেষৰটো।
এ পিৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ সংবাদ সংস্থা টাছে ভূমিকম্পৰ পিছত কামচাটকাত শিভেলুচ আগ্নেয়গিৰি বিস্ফোৰণ হোৱা বুলি অৱগত কৰিছে। আগ্নেয়গিৰিৰ পৰা লাভা ওলোৱাৰ লগতে তাৰ পৰা ওলোৱা ধোৱাই কেইবা কিলোমিটাৰ ওপৰলৈ উঠি আকাশত বিয়পি পৰে।
ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে যদিও এতিয়ালৈকে ছুনামীৰ কোনো লক্ষণ দেখা পোৱা নাই। একে সময়তে ভূমিকম্পৰ পিছত ৩০টাতকৈও অধিক আফটাৰশ্বক ৰেকৰ্ড কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















