বিনিয়োগ আৰম্ভ কৰাৰ বাবে কেৱল মোটা অংকৰ ধন থকাটো জৰুৰী নহয়৷ সৰু সঞ্চয়েৰেও আপুনি আৰম্ভ কৰিব পাৰে বিনিয়োগ৷ বিনিয়োগৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে শৃংখলা আৰু ধৈৰ্য৷ আপুনি যদি প্ৰতিমাহে নিয়মিত অলপ অলপকৈ ধন বিনিয়োগ কৰি থাকে তেন্তে দীৰ্ঘম্যাদত আপুনি মোটা অংকৰ ধন সঞ্চয় কৰিব পাৰে৷ নিশ্চিত ৰিটাৰ্ণসহ পোষ্ট অফিচৰ আৰ ডি স্কিমে আপোনাক লাখপতি কৰি তুলিব৷ এই স্কিমসমূহ যিহেতু চৰকাৰ সমৰ্থিত সেয়ে চৰকাৰে প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে সুদৰ হাৰ নিৰ্ধাৰণ কৰে৷ এই স্কিমত ম্যাদপূৰ্তিৰ পাছত আপুনি সুদসহ মোটা অংকৰ ধন পাব পাৰে৷
পোষ্ট অফিচৰ RDত সুদৰ হাৰ
পোষ্ট অফিচত পাঁচ বছৰীয়া আৰ ডি আছে৷ বৰ্তমান এই স্কিমত ৬.৭ শতাংশকৈ বাৰ্ষিক সুদৰ হাৰত ধন সঞ্চয় কৰিব পাৰিব৷ এই সুদ প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে যোগ কৰা হয়৷ আপুনি প্ৰতি মাহত মাত্ৰ ১০০ টকা দি এই আৰ ডি আৰম্ভ কৰিব পাৰে৷ বিনিয়োগৰ বাবে ইয়াত কোনো সৰ্বোচ্চ সীমা নাই৷
ম্যাদপূৰ্তিৰ সময় ৫ বছৰতৈ বঢ়াবও পাৰি
প্ৰথম পাঁচ বছৰৰ পাছত আপুনি ম্যাদপূৰ্তিৰ সময়কাল আৰু ৫ বছৰলৈ বঢ়াব পাৰে৷ ইয়াৰোপৰি আপুনি যেতিয়া ১২ মাহৰ কিস্তি জমা কৰে আৰু একাউণ্টটোৱে এবছৰ পূৰ্ণ কৰে তেতিয়া আপুনি ঋণ লব পাৰে৷ ঋণৰ পৰিমাণ আপোনাৰ আৰ ডি একাউণ্টত থকা অৰ্থৰ ৫০শতাংশ পৰ্যন্ত হব পাৰে৷ এই ঋণৰ সুদ আৰ ডি সুদৰ হাৰতকৈ ২শতাংশ বেছি হব৷
৫ বছৰত ১৫ লাখ টকা কেনেকৈ লাভ কৰিব?
আপুনি যদি পোষ্ট অফিচৰ আৰ ডি স্কিমত ৫ বছৰৰ বাবে প্ৰতিমাহে ২১০০০ টকাকৈ বিনিয়োগ কৰে তেতিয়া ম্যাদপূৰ্তিত আপুনি প্ৰায় ১৫ লাখ টকা লাভ কৰিব৷ এই ক্ষেত্ৰত পাঁচ বছৰৰ পাছত আপোনাৰ মুঠ সঞ্চয় হ’ব ১৪,৯৮,৬৮২ টকা৷ ইয়াৰ মাজত ১২,৬০,০০০ টকা হ’ব আপোনাৰ মুঠ বিনিয়োগ আৰু ২,৩৮,৬৮২ টকা হব অৰ্জিত সুদ৷
আপুনি যদি আৰু পাঁচ বছৰ বঢ়ায়
আপুনি যদি আৰ ডি আৰু পাঁচ বছৰৰ বাবে বঢ়ায় তেতিয়া আপোনাৰ সঞ্চয় আৰু বৃদ্ধি পাব৷ ১০ বছৰৰ পাছত আপুনি ৩৫,৮৭,৯৪৪ টকা পাব৷ ইয়াত মাজত ২৫,২০,০০০ টকা হব আপোনাৰ মুঠ বিনিয়োগ আৰু ১০,৬৭,৯৪৪ টকা হব সুদৰ আয়৷ এই পোষ্ট অফিচৰ আৰ ডিক দীৰ্ঘম্যাদি সঞ্চয়ৰ বাবে এক নিৰাপদ আৰু ভাল বিকল্প৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















