৬.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি, দুদিন পূৰ্বেও আহিছিল ৫.৫ ৰিখটাৰৰ ভূমিকম্প
আজি পুৱাই ভয়ংকৰ ভূমিকম্পৰ ফলত কঁপি উঠে ইণ্ডোনেছিয়াৰ ভূমি। ৬.২ ৰিখটাৰ স্কেলৰ প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় ইণ্ডোনেছিয়া। চুলাৱেছি অঞ্চলৰ মিনাহাছা উপদ্বীপত সংঘটিত হয় এই ভূমিকম্প।
জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে (GFZ) এই ভূমিকম্পৰ কথা নিশ্চিত কৰিছে। প্ৰতিবেদন অনুসৰি, আজি পুৱা ৪:৫০ বজাত অহা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু সমতলৰ পৰা ১৪৭ কিলোমিটাৰ গভীৰতাত।
কেৱল আজিয়েই ইমান প্ৰাবল্যৰ এই ভূমিকম্প অহা নাই, মাথো দুদিন পূৰ্বেও ইণ্ডোনেছিয়াৰ চেৰামতো এটা ভূমিকম্প আহিছিল, যাৰ তীব্ৰতা ৫.৫ ৰিখটাৰ স্কেল।
আম্বনৰ পৰা প্ৰায় ২৪৪ কিলোমিটাৰ উত্তৰ-পূব আৰু আমাহাইৰ পৰা ১৫৫ কিলোমিটাৰ দূৰত্বত ১৫ কিলোমিটাৰ গভীৰতাত ছেৰাম ভূমিকম্পৰ কেন্দ্ৰবিন্দু। ইয়াৰ পূৰ্বে জুলাই মাহতো ইণ্ডোনেছিয়াৰ তানিম্বাৰ দ্বীপপুঞ্জৰ উপকূলত ভূমিকম্প সংঘটিত হৈছিল। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ ৰিখটাৰ স্কেল। মে’ মাহতো ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই দক্ষিণ সুমাত্ৰাত আঘাত কৰিছিল।
উল্লেখ্য যে, ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰৰ ৰিং অৱ ফায়াৰত অৱস্থিত, য’ত বহুতো টেকটনিক প্লেট ইটোৱে সিটোৰ লগত সংঘৰ্ষ কৰে। যাৰ ফলতেই ইণ্ডোনেছিয়াত সঘনেই অধিক প্ৰাবল্যৰ ভূমিকম্প আহি থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















