আগষ্ট ২০২৫ মাহক গ্ৰহসমূহৰ কেইবাটা গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব। এই মাহত বুধ কৰ্কট ৰাশিত উদিত হৈ মাৰ্গী হব আৰু মাহৰ শেষত সিংহ ৰাশিলৈ গমন কৰিব। সূৰ্যই তাৰ নিজ ৰাশি সিংহত প্ৰৱেশ কৰিব আৰু শুক্ৰই কৰ্কট ৰাশিত অৱস্থান কৰিব। এই গ্ৰহ পৰিবৰ্তনৰ ফলত পাঁচটা ৰাশিৰ জাতকে বিশেষ উপকাৰ পাব আৰু ভাগ্যৰ সহায়তাত অৰ্থ লাভৰো সুযোগ পাব।
আগষ্ট মাহত মুঠ ৫টা গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব। প্ৰথমে ৯ আগষ্টত বুধে কৰ্কট ৰাশিত উদিত হব আৰু ১১ আগষ্টত মাৰ্গী হব। ইয়াৰপাছতেই ২৯ আগষ্টত বুধে কৰ্কটতত অস্ত গৈ ৩০ আগষ্টত সিংহ ৰাশিত প্ৰৱেশ কৰিব। ১৭ আগষ্টত সূৰ্যই নিজ ৰাশি সিংহত প্ৰৱেশ কৰিব আৰু ২১ আগষ্টচ শুক্ৰই মিথুন এৰি কৰ্কটলৈ যাব। শনিয়ে মীন ৰাশিত পূৰ্বৰে পৰা বক্ৰী হৈ আছে আৰু মঙলো কন্যা ৰাশিত থাকিব। গ্ৰহ নক্ষত্ৰৰ এই পৰিবৰ্তনৰ প্ৰভাৱত ৫ ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আহিব।
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে আগষ্ট মাহ অত্যন্ত শুভ। এই সময়ত আৰ্থিক সমস্যা দূৰ হব আৰু বাহন বা ঘৰ ক্ৰয়ৰো ইচ্ছা পূৰ্ণ হব পাৰে। সম্পত্তি সংক্ৰান্তিয় বিষয়ত শুভ ফল পাব আৰু পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। চাকৰিয়ালৰ বাবে পদোন্নতিৰ সুযোগ আহিব।
মিথুন ৰাশিৰ জাতকৰ বাবে এই মাহ কুশলপূৰ্ণ। বন্ধু বান্ধৱ আৰু প্ৰিয়জনৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ সুযোগ আহিব। পিতৃ মাতৃৰ সৈতে মূল্যবান সামগ্ৰী ক্ৰয় কৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পঢ়াশুনাত মনোযোগ দিব পাৰিব। যিসকলে যোগাযোগ বা বক্তৃতা পেছাৰ সৈতে যুক্ত তেওঁলোকৰ ভাষাৰ গুণতেই তেওঁলোকে সাফল্য অৰ্জন কৰিব।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই সময় সকলো দিশৰ পৰাই লাভজনক হব। ভাগ্যৰ সহায়তাত সমস্ত মনোকামনা পূৰ্ণ হব। জমা কৰা ধন এই সময়ত হাতত পৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতি হব। গৃহত কোনো ধৰ্মীয় অনুষ্ঠান হব পাৰে। চাকৰিত সন্মান আৰু প্ৰশংসা পাব।
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে এই সময়ত বেংক বেলেন্স বৃদ্ধি আৰু শাৰীৰিক সুস্থতাৰ সময়। পৰিয়ালৰ সৈতে সময় কটাব পাৰিব আৰু তীৰ্থভ্ৰমণৰো সুযোগ আহিব। আত্মীয়ৰ সৈতে সম্পৰ্ক মজবুত হব আৰু পাৰিবাৰিক অনুষ্ঠানত যোগদানৰ সুযোগ আহিব। যিসকলে নিজৰ ব্যৱসায় কৰিছে তেওঁলোকে ভাল লাভ পাব। সমাজত সন্মান বাঢ়িব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় সকলো ধৰণৰ ঝামেলাৰ পৰা মুক্তিৰ সময়। চাৰিওপাশে ইতিবাচক পৰিবেশ থাকিব। আয় আৰু সম্পত্তি বৃদ্ধি হব আৰু নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ থাকিব। সকলো বাধা সহজেই দূৰ হব আৰু পৰিয়ালৰ মাজত শান্তি বৰ্তি থাকিব। সন্তান আৰু বন্ধু সম্পৰ্কিত বিষয়ত ভাল ফলৰ আশা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ