ইংলেণ্ড ভ্ৰমণ দুই ভাৰতীয়ৰ বাবে অভিষেক টেষ্ট মেচ, এইবাৰ তৃতীয়গৰাকীৰ পাল
ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলি থকা টেষ্ট শৃংখলাৰ আজি ৩১ জুলাই তৰিখে অন্তিম খন খেল। আজি পঞ্চমখন টেষ্ট মেচত মুখামুখি হব ভাৰত-ইংলেণ্ড। শৃংখলাৰ এখন ড্ৰ হোৱাৰ বিপৰীতে ২-১ত আগবাঢ়ি আছে ইংলেণ্ড। আজি শৃংখলা দখলৰ উদ্দেশ্যে ইংলেণ্ডে খেলপথাৰত নমাৰ বিপৰীতে ভাৰতে সমতা স্থাপনৰ উদ্দেশ্যে খেলপথাৰত নামিব।
ফলাফল যিয়েই নহওক ভাৰত-ইংলেণ্ডৰ এই টেষ্ট মেচ ইতিমধ্যে দুগৰাকী খেলুৱৈৰ বাবে বিশেষভাৱে উল্লেখযোগ্য। কাৰণ দুগৰাকীকৈ খেলুৱৈৰ বাবে এই টেষ্ট মেচ আছিল অভিষেক মেচ। এইবাৰ শেষৰখন মেছ তৃতীয়গৰাকী খেলুৱৈৰ বাবে অভিষেক মেচ হবলৈ গৈ আছে।
ভাৰত বনাম ইংলেণ্ড শৃংখলাৰ প্ৰথমখন মেচত অভিষেক ঘটোৱাৰ সুযোগ দিয়া হৈছিল ছাই সুদৰ্শনক। কিন্তু প্ৰথমখন মেচত ভাল প্ৰদৰ্শন নকৰাৰ ফলত দ্বিতীয়খন মেচৰ পৰা বাদ দিয়া হৈছিল সুদৰ্শনক। অৱশ্যে শৃংখলাৰ চতুৰ্থ মেচত কামবেক কৰিছিল সুদৰ্শনে।
এই ধাৰাবাহিকত অভিষেক ঘটোৱা আনজন ভাৰতীয় খেলুৱৈ হৈছে অংশুল কম্বোজ। দলৰ অংশ হোৱাৰ বাবে অংশুলে হঠাতে দলীয় মেনেজমেণ্টৰ পৰা ফোন লাভ কৰে আৰু দলৰ অংশ হৈ পৰে। খেলত প্ৰদৰ্শনো ভাল কৰে অংশুলে।
এইবাৰ পঞ্চমখন মেচত অভিষেক ঘটোৱাৰ পাল পৰিছে আন এগৰাকী খেলুৱৈৰ। সেই খেলুৱৈগৰাকী হৈছে অৰ্শদীপ সিং। আৰ্শদীপ সিঙে ভাৰতৰ হৈ ইতিমধ্যে এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে, কিন্তু তেওঁ এতিয়াও টেষ্টত অভিষেক ঘটাব পৰা নাই।
এইবাৰো দলত প্ৰথমে স্থান পোৱা নাছিল অৰ্শদীপে। চতুৰ্থখন মেচত অংশ হোৱাৰ কথা আছিল যদিও আঘাতৰ বাবে সেয়া হৈ নুঠে। পাছে শেষৰখন খেলৰ পূৰ্বে এতিয়া এক আশা দেখা গৈছে। এক সাক্ষাতত দলৰ অধিনায়ক শুভমন গীলে কয় যে, অৰ্শদীপক সাজু হৈ থাকিবলৈ কোৱা হৈছে। কিন্তু খেলপথাৰখন চোৱাৰ পাছতহে খেলৰ পূৰ্বে প্লেয়িং ১১ ঘোষণা কৰা হব। সেয়ে এতিয়া খেল আৰম্ভ হোৱাৰ সময়লৈ অপেক্ষা , দলত স্থান লাভ কৰি অভিষেক ঘটাবলৈ সুযোগ লাভ কৰে নে নকৰে অৰ্শদীপ সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















