এশিঙীয়া গঁড়ৰ দেশ অসম৷ গঁড়ৰ চোৰাং চিকাৰ নিৰ্মূল কৰাৰ বাবে হাতত লোৱা হৈছিল অপাৰেচন ফেলকন৷ অসম আৰক্ষী আৰু বন বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টা অপাৰেচন ফেলকন৷ ২টা গঁড়ৰ দুৰ্ভাগ্যজনক হত্যাই দুয়োটা বিভাগকে চোৰাং চিকাৰ বিৰোধী কৌশলৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ ২০২৪ চনত চোৰাংচিকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা হয় অপাৰেচন ফেলকন৷ উপলব্ধ সকলো সম্পদ ব্যৱহাৰ কৰি চোৰাংচিকাৰীক খেদি পঠিওৱা হয়৷ বন কৰ্মীসকলৰ সমন্বয় আৰু মনোবলৰ বাবে বহু চোৰাং চিকাৰী এতিয়া কাৰাগাৰৰ ভিতৰত আছে৷ জিলা অনুসৰি অপাৰেচন ফেলকনৰ অধীনত গ্ৰেপ্তাৰৰ সংখ্যাঃ উদালগুৰি ১, দৰং ৮, নগাঁও ৬, বিশ্বনাথ ১৮, ডিব্ৰুগড় ১, শোণিতপুৰ ২, কাৰ্বি আংলং ৫ আৰু কাছাৰ ১৷ স্থল আৰু ডিজিটেল বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে চোৰাংচিকাৰীক ট্ৰেক কৰা হৈছিল৷
এই অপাৰেচনৰ অধীনত
১) আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ চিনাক্ত কৰা হৈছে
২) ম্যানমাৰৰ জৰিয়তে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত ছটা বৃহৎ গঁড়ৰ চোৰাংচিকাৰী চক্ৰ চিনাক্ত কৰা হৈছে
৩) গঁড় চিকাৰৰ ৯টা প্ৰচেষ্টা বিফল কৰা হৈছে
অসমৰ পৰা গঁড়ৰ চোৰাং চিকাৰ নিৰ্মূল নকৰালৈকে অপাৰেচন ফেলকন অব্যাহত থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















