আগষ্ট ২০২৫ত একাধিক ৰাজযোগ৷ তাৰমাজতেই অন্যতম ৰাজযোগ হৈছে ২১ আগষ্টৰ লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ উল্লেখ্য যে বুধ বৰ্তমান কৰ্কট ৰাশিত বিচৰণ কৰিছে আৰু ২১ আগষ্টৰ পৰা শুক্ৰই কৰ্কট ৰাশিত বিচৰণ কৰিবলৈ আৰম্ভ কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকা লাভাম্বিত হব৷ শুক্ৰ আৰু বুধৰ যুঁটিত আগষ্ট মাহতেই লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ হব৷ তাৰফলত কোন কোন ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে? জানি থওক সবিশেষ৷
কন্যা ৰাশি
আপোনাৰ সমৃদ্ধি এই সময়ৰ পৰাই আৰম্ভ হব৷ আপোনাৰ উপাৰ্জনৰ দিশটোতো ভাগ্য উন্নতি হৈ উপাৰ্জন বাঢ়িব৷ অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰে৷ আপুনি নতুন নতুন মাধ্যমৰ পৰা ধন উপাৰ্জন কৰিব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হব৷ কোনো বিনিয়োগৰ পৰা লাভ আহিব পাৰে৷ আপুনি এই সময়ত ছেভিংছ কৰিব পাৰিব৷
মেষ ৰাশি
এই যোগ আপোনাৰ কোষ্ঠীত সুখ আৰু সম্পত্তিৰ স্থানত হব৷ আপোনাৰ ভৌতিক সুখ বাঢ়িব পাৰে৷ এই সময়ত বাহন বা ঘৰ ক্ৰয় কৰিব পাৰে৷ এই সময় আপোনাৰ বাবে ভাল হব৷ এই সময়ত মাতৃৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ ভাল হব৷
কৰ্কট ৰাশি
এই সময়ত আপোনাৰ মান সন্মান উভতি আহিব৷ এই ৰাজযোগ আপোনাৰ ৰাশিৰ লগ্নভাৱত তৈয়াৰ হব পাৰে৷ আপোনাৰ আত্মবিশ্বাস এই সময়ত বাঢ়িব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হব৷ দূৰৈৰ যাত্ৰাৰ পৰা লাভ হব৷ দাম্পত্যত পূৰ্বতকৈ আনন্দ থাকিব৷ যিসকল অবিবাহিত তেওঁলোকলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















