মুখৰ দুৰ্গন্ধ এনে এক সমস্যা যিয়ে বহুসময়ত আমাক লাজত পেলায়৷ বহু সময়ত নিয়মিত ব্ৰাছ কৰা বা দামী মাউথ ফ্ৰেছনাৰ ব্যৱহাৰ কৰিও এই সমস্যাৰ পৰা মুক্তি লাভ কৰা সম্ভৱ হৈ নুঠে৷ কাৰোবাৰ সন্মুখত কথা কোৱাটোও সমস্যা হৈ পৰে মুখৰ দুৰ্গন্ধৰ বাবেই৷ কেনেকৈ এই সমস্যা দূৰ কৰা সম্ভৱ? সম্পূৰ্ণভাৱে এই সমস্যাক নিৰ্মূল কৰিবলৈ খাদ্যভাষত কি কি সালসলনি অনাটো প্ৰয়োজন?
আমাৰ জীৱনযাত্ৰাত আমাৰ মুখখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ আমাৰ খাদ্যভাষে আমাৰ মুখৰ দুৰ্গন্ধক আৰু বঢ়াই তুলিব পাৰে৷ বহুসময়ত খাদ্যভাষত নিয়ন্ত্ৰণ আনি মুখৰ দুৰ্গন্ধ নিৰাময় কৰা সম্ভৱো হৈছে৷
১. মুখৰ দুৰ্গন্ধ থাকিলে দৈ আপোনাৰ খাদ্যতালিকাত অন্তৰ্ভুত কৰক৷ বিভিন্ন উপায়েৰে মুখৰ দুৰ্গন্ধৰ সৈতে দৈয়ে যুদ্ধ কৰে৷ দৈ আৰু অন্যান্য দুগ্ধজাত দ্ৰব্য ভিটামিন ডি সমৃদ্ধ যিয়ে শৰীৰৰ জীৱাণুৰ বিকাশক ধীৰ কৰি দিয়ে৷ ভাল বেক্টেৰিয়া সমৃদ্ধ প্ৰোবায়টিক দৈ খালে পেটৰ বাবেও ভাল৷
২. গৱেষণাত দেখা গৈছে যে তুলসীৰ প্ৰাকৃতিক অণু, পলিফেনল, মুখৰ দুৰ্গন্ধ দূৰ কৰাত কাৰ্যকৰ৷ তুলসীত প্ৰচুৰ পৰিমাণে ক্লোৰোফিল থাকে৷ সেউজীয়া পাচলিত ক্লোৰোফিল পোৱা যায়৷ ই মুখৰ দুৰ্গন্ধ যদিও সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰে তথাপিও ক্লোৰোফিলে কিছু পৰিমাণে এই দুৰ্গন্ধ দূৰ কৰিব পাৰে৷
৩. চাহ কেৱল পানীয়ই নহয়, মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা অপৰিসীম৷ ব্লেক টি বা গ্ৰীণ টি উভয়েই এণ্টিবেক্টেৰিয়েল এণ্টিঅক্সিডেণ্ট সমৃদ্ধ৷ চাহত পোৱা পলিফেনল ছালফাৰ যৌগই হ্ৰাস কৰে মুখৰ দুৰ্গন্ধ৷
৪. ভিটামিন চিয়ে নানান ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত ব্যাপকভাৱে স্বীকৃত৷ ই মুখৰ দুৰ্গন্ধ নাশতো গুৰুত্বপূৰ্ণ৷ ছাইট্ৰাছ ফল, তলমুজ আৰু অন্যান্য ভিটামিন চি সমৃদ্ধ খাদ্যই জিঞ্জিভাইটিছ প্ৰতিৰোধত সহায় কৰে যিয়ে হেলিটোছিচৰ ওপৰিও অন্যান্য দাঁতৰ স্বাস্থ্য সমস্যা দূৰ কৰাত সহায় কৰে৷
৫. দাঁতৰ মাজত থকা ৬ জিঞ্জেৰল নামৰ উপাদানে মুখৰ ছালফাৰ যৌগসমূহক ভঙাত সহায় কৰে৷ মাউথৱাছৰ বাবে গৰম পানী, তাজা নেমুৰ ৰস আৰু আদাৰ গুৰি মিহলাই ব্যৱহাৰ কৰিব পাৰে৷
৬.ভিটামিন সি নানা রোগ সারিয়ে তোলার ক্ষেত্রে ব্যাপকভাবে স্বীকৃত। মুখের দুর্গন্ধ নাশেও এটি অব্যর্থ। সাইট্রাস ফল, তরমুজ এবং অন্যান্য ভিটামিন সি সমৃদ্ধ খাবার জিঞ্জিভাইটিস প্রতিরোধে সাহায্য করে, যা হ্যালিটোসিসের পাশাপাশি অন্যান্য দাঁতের স্বাস্থ্য সমস্যা সৃষ্টি করতে পারে।
৭. মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে সকলোতকৈ সুপৰিচিত প্ৰতিকাৰসমূহৰ মাজত এটা হৈছে দালচেনী আৰু পদিনা পাত৷ মুখৰ দুৰ্গন্ধ দূৰ কৰাত ইয়াক ব্যৱহাৰ কৰিব পাৰে৷ ইলাচীও ব্যৱহাৰ কৰিব পাৰে৷
৮. ডাৰ্ক চকলেট সেৱনেও মুখৰ জীৱাণু কমায় আৰু প্লাক জমো হোৱাটোক ৰোধ কৰে৷ ই দাঁতৰ এনামেলক শক্তিশালী কৰে৷ ইয়াত থকা CBH নামৰ পদাৰ্থই দাঁতৰ ক্ষয় ৰোধ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















