আজিৰ ব্যস্ত জীৱনত সকলোৱে কঠোৰ পৰিশ্ৰম কৰে ধন উপাৰ্জনৰ বাবে৷ কিন্তু সেই ধন সঞ্চয় কৰা সকলোৰে পক্ষে সহজ নহয়৷ বহু সময়ৰত মাহৰ শেষত চলিবলৈকে ধন নাথাকে ভৱিষ্যতৰ বাবে সঞ্চয় দূৰৈৰে কথা৷ ইয়াৰ কাৰণ হৈছে সঠিক সঞ্চয় পৰিকল্পনাৰ অভাৱ৷ এটা সঞ্চয় পৰিকল্পনা কেৱল অৰ্থ সঞ্চয়ৰ এক উপায় হব পাৰে তেনে নহয় বৰং এক আৰ্থিক যাত্ৰাৰ বাবে তৈয়াৰ কৰা এক ৰোডমেপ যিয়ে আৰ্থিক লক্ষ্যৰ দিশেৰে আপোনাক লৈ যাব পাৰে৷ কিয় এটা সঞ্চয় পৰিকল্পনা প্ৰয়োজন? কেনেকৈ ধন সঞ্চয় কৰিব জানি থওক ৫টা সহজ ঢাপ৷
কিয় এক সঞ্চয় পৰিকল্পনাৰ প্ৰয়োজন?
এটা সঞ্চয় পৰিকল্পনা তৈয়াৰ কৰে আৰ্থিক সাফল্যৰ ভিত্তি৷ ইয়াৰ বহু সুবিধা আছে
আৰ্থিক নিৰাপত্তা
এটা এটা জৰুৰী তহবিল তৈয়াৰত সহায়তা কৰে, যাতে চাকৰি হেৰুওৱা, অসুস্থতা বা অন্য কোনো অপ্ৰত্যাশিত ব্যয়ৰ ক্ষেত্ৰত অন্য কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰিব৷
লক্ষ্য অৰ্জন
সঞ্চয় পৰিকল্পনাৰে ঘৰ কিনা, শিক্ষা, বিবাহ আৰু অৱসৰ গ্ৰহণৰ দৰে ডাঙৰ পৰিকল্পনাত সহায়তা কৰে৷
মনৰ শান্তি
যেতিয়া এক শক্তিশালী আৰ্থিক নিৰাপত্তা ব্যৱস্থা থাকে তেতিয়া চাপমুক্ত থাকিব পাৰি আৰু ভৱিষ্যতক লৈয়ো চিন্তামুক্ত হৈ থাকিব পাৰি৷
৫ টা সহজ ধাপেৰে সঞ্চয় পৰিকল্পনা তৈয়াৰ কৰিব পাৰে৷
নিজৰ সঞ্চয় পৰিকল্পনা তৈয়াৰ কৰিবলৈ এই ৫ ধাপ অনুসৰণ কৰা উচিত৷
১. নিজৰ আৰ্থিক লক্ষ্যসমূহ বুজিব লাগিব
প্ৰথমতে কিহৰ বাবে সঞ্চয় কৰা হৈছে সেয়া নিৰ্ধাৰণ কৰিব লাগে৷ নিজৰ লক্ষ্যসমূহক তিনিটা ভাগত ভাগ কৰিব লাগে৷
স্বল্পম্যাদীঃ যেনে ১-৩ বছৰৰ বাবে বাহনৰ বাবে ডাউন পেমেণ্ট কৰা৷
মধ্যম্যাদীঃ ৩-৫ বছৰৰ বাবে ঘৰ ক্ৰয়ৰ বাবে সঞ্চয় কৰা৷
দীৰ্ঘম্যাদিঃ অৱসৰ গ্ৰহণৰ বাবে এট ডাঙৰ তহবিল তৈয়াৰ কৰা৷
২. নিজৰ খৰচ ট্ৰেক কৰিব লাগিব আৰু এটা বাজেট তৈয়াৰ কৰিব লাগে
প্ৰত্যেকেই জনা উচিত যে তেওঁলোকে কষ্টাৰ্জিত অৰ্থ কলৈ গৈছে৷ নিজৰ সমস্ত মাহিলী খৰচ ট্ৰেক কৰিব লাগে৷ তাৰপিছতেই এক বাজেট তৈয়াৰ কৰিব লাগে আৰু প্ৰতিটো সামগ্ৰীৰ বাবে কিমান খৰচ কৰিব সেয়া নিৰ্ধাৰণ কৰিব লাগে৷
৩. সঞ্চয়ক অগ্ৰাধিকাৰ দিব
৫০/৩০/২০-ৰ দৰে নিয়মো ব্যৱহাৰ কৰিব পাৰে৷ এই নিয়মে মূলত কয় যে কেনেকৈ দৰমহা লাভৰ লগে লগে সঞ্চয় আৰু বিনিয়োগৰ বাবে নিৰ্ধাৰিত পৰিমাণ পৃথক কৰি ৰাখিব লাগে৷ তাৰপিছতেই অৱশিষ্ট অৰ্থহে খৰচ কৰিব লাগে৷
৪. বিভিন্ন একাউণ্টৰ ব্যৱহাৰ
বিভিন্ন লক্ষ্যৰ বাবে সৰ্বদা বিভিন্ন বেংক একাউণ্ট বা বিনিয়োগৰ বিকল্প ব্যৱহাৰ কৰা উচিত৷ উদাহৰণস্বৰূপে জৰুৰী প্ৰয়োজনৰ বাবে এটা একাউণ্ট, অৱসৰকালীন সময়ৰ বাবে এটা একাউণ্ট৷ এই একাউণ্টসমূহ যাতে মিহলি হৈ নাযায় সেই দিশত নজৰ ৰাখিব৷
৫. সময়ে সময়ে পৰ্যালোচনা
প্ৰতি ৬ মাহ বা এবছৰ অন্তৰে অন্তৰে নিজৰ স্কিম পৰ্যালোচনা কৰিব লাগে আৰু চাব লাগে সেই বিনিয়োগে কেনে পাৰফৰ্ম কৰিছে আৰু আয়ৰ বা ব্যয়ত কি কি পৰিবৰ্তন আহিছে৷ তাৰপিছতেই প্ৰয়োজন অনুসৰি সেই পৰিকল্পনা পৰিবৰ্তন কৰিব পাৰে৷ যদিও এটা সঞ্চয় পৰিকল্পনা কঠিন যেন মনত ধাৰণা আহে কিন্তু এয়া আৰ্থিক স্বাধীনতাৰ দিশত প্ৰথম পদক্ষেপ৷ এই সহজ পদক্ষেপসমূহ অনুসৰণ কৰি এইসমূহ আৰ্থিক লক্ষ্য অৰ্জন কৰা সম্ভৱ হৈ উঠে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ