কাইলৈ ২২ আগষ্ট ২০২৫ শুকুৰবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ কৃষ্ণা চতুৰ্দশী তিথি৷ কাইলৈ পালিত হ’ব কৌশিকী অমাবস্যা৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্লেষা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ২২ আগষ্ট ২০২৫ লাভজনক দিন হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ বৰিয়ান যোগৰ প্ৰভাৱত ব্যৱসায়ত কোনো বৃহৎ চুক্তিত চহী কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰা কাঙ্খিত সাফল্য লাভ হব৷ ব্যৱসায়ত আৰ্থিক লাভৰ যোগ আঠে আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ নতুন চাকৰি লাভৰ সম্ভাৱনা আছে৷
কৰ্কট ৰাশি
কাইলৈ শুকুৰবাৰে মা লক্ষ্মীৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হব কৰ্কট ৰাশিৰ জাতকৰ৷ পৰিঘ যোগৰ প্ৰভাৱত কাইলৈ সকলো কামতেই সৌভাগ্যক নিজৰ কাষত পাব৷ ইয়াৰ ফলত কাইলৈ সকলো কামৰ পথত অহা বাধা দূৰ হব৷ কঠিন কামো সহজেই সম্পূৰ্ণ কৰিব পাৰিব৷ বিনিয়োগ কৰাৰ বাবে কাইলৈৰ দিনটো শুভ৷
তুলা ৰাশি
কৌশিকী অমাবস্যাৰ শুভ যোগত কাইলৈ লাভৱান হব তুলা ৰাশিৰ জাতক৷ কাইলৈ বেছ আৰামেৰে দিনটো কটাব৷ কামৰ সূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ আপোনাৰ মনৰ ইচ্ছা বাহিৰত প্ৰকাশ নকৰিব৷ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হব৷
বৃশ্চিক ৰাশি
কাইলৈ পৰিঘ যোগৰ শুভ প্ৰভাৱ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ কৰ্মক্ষেত্ৰত বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰি আছে৷ আপোনাৰ কৰ্মদক্ষতাত সকলো মুগ্ধ হব৷ মাতৃৰ আশীৰ্বাদত কাইলৈ সকলো কামেই সহজে সম্পূৰ্ণ কৰিব৷ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল দেখুৱাব৷ প্ৰেম জীৱন ভালেই হব৷
মকৰ ৰাশি
কাইলৈ অশ্লেষা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব মকৰ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত আত্মবিশ্বাস বাঢ়িব৷ মাতৃৰ কৃপাত কাইলৈ আয় বহুপৰিমাণে বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলিলে দূৰ হব৷ কৰ্মক্ষেত্ৰত নতুন প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















