৭ ছেপ্টেম্বৰ চলিত বছৰৰ দ্বিতীয় আৰু শেষ চন্দ্ৰগ্ৰহণ৷ যি কুম্ভ ৰাশিত পূৰ্ব ভাদ্ৰপত নক্ষত্ৰত অৱস্থান কৰিব৷ কেৱল সেয়াই নহয় ই এক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যি ভাৰতৰ পৰাও দৃশ্যমান হব৷ অৰ্থাৎ এই গ্ৰহণ প্ৰভাৱ পৰিব ভাৰতত৷ জ্যোতিষশাস্ত্ৰতো গ্ৰহণৰ বিশেষ তাৎপৰ্য আছে৷ এই গ্ৰহণৰ পৰা লাভাম্বিত হব কোন কোন ৰাশিৰ জাতক?
মেষৰ পৰা মীন ৰাশি পৰ্যন্ত প্ৰায় সকলো ৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ দেখা যায়৷ বিশেষজ্ঞসকলৰ মতে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কিছু ৰাশিৰ জাতকৰ বাবে উন্নতিমূলক হব৷ এই সময়ত কিছু ৰাশিৰ মানুহে আৰ্থিক ক্ষেত্ৰত লাভ, কৰ্মজীৱনত উন্নতি, ব্যক্তিগত জীৱনত শান্তি আৰু সমৃদ্ধি উপভোগ কৰিব পাৰিব৷
চন্দ্ৰগ্ৰহণৰ সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ অৱস্থান অনুসৰি বিভিন্ন ৰাশিৰ বাবে প্ৰভাৱ ভিন্ন হব পাৰে৷ যেনে কাৰোবাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ খুলিব পাৰে আকৌ কাৰোবাৰ বাবে পূৰ্বৰ সমস্যা সমাধানৰ সুযোগ আহিব পাৰে৷ এই সময়ত সতৰ্কতা আৰু পৰিকল্পনাৰ সৈতে কাম কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰগ্ৰহণ অনুকূলভাৱে প্ৰভাৱ পেলাব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ বিশেষকৈ ব্যৱসায়িক জীৱনত জাতকৰ বাবে এই সময় খুবেই শুভ হব৷ ইয়াৰোপৰি স্বাস্থ্যগত সমস্যাসমূহৰ পৰা মুক্তি লাভৰ সম্ভাৱনা আছে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰগ্ৰহণে আৰ্থিক লাভৰ সুযোগ আনিব আৰু বেংক বেলেন্স বাঢ়িব৷ স্বাস্থ্যৰ উন্নতি হব৷ যিকোনো বিনিয়োগত ভাল ৰিটাৰ্ণ লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি কোনো গুৰুত্বপূৰ্ণ কাম সফলভাৱে সম্পন্ন হোৱাৰ সম্ভাৱনাও আছে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই চন্দ্ৰগ্ৰহণে কোনো ডাঙৰ সমস্যা বা বিবাদত জয় আনি দিব পাৰে৷ শত্ৰু পৰাস্ত হব৷ জীৱনযাপনত সুখ সুবিধা বৃদ্ধি পাব৷ সন্তানৰ পৰা আনন্দ লাভ কৰিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আসন্ন চন্দ্ৰগ্ৰহণ অৰ্থনৈতিক আৰু পাৰিবাৰিক জীৱনত ডাঙৰ সুযোগৰ বাৰ্তা আহিব পাৰে৷ এই সময়ত নতুন ঘৰ বা যানবাহন ক্ৰয়ৰ সুযোগ আহিব পাৰে যি দীৰ্ঘম্যাদি বিনিয়োগ হিচাপে লাভজনক হব৷ পৰিয়ালত সুখ শান্তি আৰু সামঞ্জস্য বৃদ্ধি পাব, ঘৰৰ পৰিবেশ আৰু আনন্দময় হব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে আসন্ন চন্দ্ৰগ্ৰহণে অৰ্থনৈতিক আৰু পেছাগত জীৱনত ডাঙৰ সুযোগৰ বাৰ্তা আনিব৷ চাকিয়াল প্ৰাৰ্থীৰ বাবে ই বিশেষভাৱে উপকাৰ আনিব৷ কাৰণ এই সময়ত পদোন্নতি বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ ফলত কৰ্মক্ষেত্ৰত সন্মান আৰু আৰ্থিক লাভ দুয়োটাই বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















