কাইলৈ ২৮ আগষ্ট ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই দিনজুৰি তুলা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ শুক্লা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শুক্লা যোগ আৰু ব্ৰহ্মা যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব চিত্ৰা নক্ষত্ৰ আৰু স্বাতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব পাৰে৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ স্বাতী নক্ষত্ৰৰ শুভ প্ৰভাৱ বৰ্তি থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ সামাজিক মিলামিছাৰ বাবে কাইলৈ বহুতৰে সৈতেই ভাল সম্পৰ্ক তৈয়াৰ হব আপোনাৰ৷ ইয়াৰ ফলত নিজৰ সকলো অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে সৈতে আপোনাৰ সু সম্পৰ্ক থাকিব৷ মানসিক চাপ মুক্ত হৈ কাইলৈ দিনটো ভালধৰণে কটাব মিথুন ৰাশিৰ জাতকে৷ নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব৷
কন্যা ৰাশি
কাইলৈ বৃহস্পতিবাৰে বিষ্ণুৰ আশীৰ্বাদ বৰ্ষিত হব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ কাইলৈ আপোনাৰ ব্যৱহাৰৰ মাধুৰ্যই সকলোকে মুগ্ধ কৰিব৷ ইয়াৰ ফলত সকলোৰে সৈতে কাইলৈ ভাল সম্পৰ্ক বৰ্তাই ৰাখিব পাৰিব৷ কৰ্মক্ষেত্ৰত লাভৱান হব কন্যা ৰাশিৰ জাতক৷ আৰ্থিকভাৱে লাভৱান হব আপুনি৷
তুলা ৰাশি
ব্ৰহ্মা যোগৰ প্ৰভাৱত কাইলৈ ধন লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি শুভ হব৷ সকলো কামতেই কাইলৈ সাফল্য লাভ কৰিব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ শান্তি থাকিব৷ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে কোনো সুখবৰ লাভ কৰিব৷ অফিচত আপোনাৰ পৰিস্থিতি ভাল হব৷
মকৰ ৰাশি
কাইলৈ সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কাইলৈ প্ৰচুৰ আনন্দ আপুনি লাভ কৰিব পাৰে৷ কোনো ঘৰ বা বাহন ক্ৰয় দীৰ্ঘদিনীয়া ইচ্ছা থাকিলে কাইলৈ সফল হব পাৰে৷ কেৰিয়াৰত কিছু শুভ পৰিবৰ্তন দেখা পাব৷ পৰিশ্ৰম কৰিলে তাৰ শুভ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কোনো ভাল কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
কুম্ভ ৰাশি
কাইলৈ ২৮ আগষ্ট বসুমান যোগৰ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ নাৰায়ণৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা মুক্তি পাব৷ কোনো সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব কুম্ভ ৰাশিৰ জাতকৰ৷ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা আগুৱাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















