কাইলৈ ৩০ আগষ্ট ২০২৫ শনিবাৰে চন্দ্ৰই তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ শুক্লা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব বিশাখা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে গ্ৰহৰাজ শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত যি কামত হাত দিব তাতেই সাফল্য পাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ ঘৰৰ সৰু শিশুসকলৰ সৈতে কাইলৈ আনন্দেৰে দিনটো কটাব পাৰিব৷ চাকৰি বা ব্যৱসায়ৰ পৰাও কিছু অতিৰিক্ত অৰ্থ লাভ হব পাৰে৷ কোনো সুখবৰে অপেক্ষা কৰিছে৷
মিথুন ৰাশি
কাইলৈ শনিবাৰে সকলো কামতেই সৌভাগ্যক কাষত পাব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ এনাৰ্জি হাই থাকিব৷ সকলো কামতেই পিতৃ মাতৃৰ সহায় আৰু আশীৰ্বাদ পাব৷ চিংগলসকলে জীৱনসংগীৰ সন্ধান পাব৷ শনিৰ কৃপাত আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ কাইলৈ আপোনাৰ মনত আনন্দ থাকিব৷
সিংহ ৰাশি
কাইলৈ বিশাখা নক্ষত্ৰৰ প্ৰভাৱত নানান দিশৰ পৰা সাফল্য পাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব আপুনি৷ অন্যক সহায় কৰাৰ বাবে কাইলৈ নিজৰ হাত আগবঢ়াব সিংহ ৰাশিৰ জাতকে৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷ ব্যৱসায়ীসকলে অন্যক হৰুৱাই জয় আৰু প্ৰতিপত্তি লাভ কৰিব৷
তুলা ৰাশি
বৈধৃতি যোগৰ প্ৰভাৱত কাইলৈ দিনটো লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ সকলো বিষয়তেই আপুনি লাভজনক প্ৰভাৱ লক্ষ্য কৰিব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ পিতৃ আৰু শিক্ষকৰ সৈতে মতৰ অমিল দূৰ হৈ সম্পৰ্ক পূৰ্বতকৈ ভাল হব৷ সকলো কামতে বেছিকৈ মনোনিবেশ কৰিব পাৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷
ধনু ৰাশি
কাইলৈ ৩০ আগষ্টত কৰ্মফলৰ দেৱতাৰ আশীৰ্বাদত আৰ্থিক সৌভাগ্য লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ পাবলগীয়া টকা বহুদিন পাছত উভতাই পাব৷ পিতৃৰ পৰা সাহায্য লৈ কাইলৈ দামী কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ ছচিয়েল মিডিয়াত কাম কৰাসকলেও লাভ পাব৷ ধনু ৰাশিৰ জাতকৰ জীৱনত কাইলৈ বিশেষ কোনোবা আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















