সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক অৱশেষত মুখ্যমন্ত্ৰীৰ হাতত SITয়ে অৰ্পণ কৰিলে প্ৰতিবেদন৷ কিন্তু কি আছে প্ৰতিবেদনত? বুধবাৰে ৬ বজাত অসম আৰক্ষীৰ SIT টিমে গৌৰৱ গগৈৰ ‘পাকিস্তানৰে সম্পৰ্ক’ৰ তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক জমা দিয়ে। মঙলবাৰে মুখ্যমন্ত্ৰীয়ে জনাইছিল যে SITএ দাখিল কৰা প্ৰতিবেদন চোৱাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব। প্ৰতিবেদনত গুৰুতৰ বিশেষ কিবা থাকিলে ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।প্ৰতিবেদনত বিশেষ আপত্তিকৰ তথ্য নাথাকিলে গোচৰটো বন্ধ কৰি দিয় হ’ব বুলি কৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই। শেহতীয়াকৈ গোচৰত থকা তথ্যৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ লিখিছে,
‘২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকীৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে। এই বিস্তৃত তদন্তৰ সময়ত এছ আই টিয়ে আশ্চৰ্যকৰ তথ্য উদঘাটন কৰিছে, যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে।
এছ আই টিয়ে আলী তৌকীৰ শ্বেখৰ বৃহত্তৰ ভাৰতবিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে। তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল, সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে।
অসম চৰকাৰে এতিয়া এছ আই টিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব। বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ