তেজ মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ’ল মাথো ছাই…৷ মৃত্যু সত্য৷ এই কঠিন সত্যক আমি মানিবই লাগিব৷ জুবিন গাৰ্গ নামৰ সত্ত্বাটোৱে আৰু কাহানিও আপোনাক মোক বাস্তৱত ধৰা নিদিয়ে৷ সৃষ্টিৰাজীয়ে জুবিন আজিৰে পৰা আমাৰ মাজত জীয়াই থাকিব৷ সোণাপুৰৰ কুমাৰকুছিত সম্পন্ন হৈছে জুবিন গাৰ্গৰ শেষকৃত্য৷
ভগ্নী পালমী বৰঠাকুৰে মুখাগ্নি কৰিলে আপোনাৰ মোৰ আমাৰ সকলোৰে মৰমৰ জুবিনক৷ পালমীৰ সহযোগী হিচাপে থাকিল ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গ৷ পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গ৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰদিনৰ বাবে চিতাত শুই পৰিল জুবিন গাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















