জুবিনে আজি গোৱা নাই, কিন্তু লাখ লাখজনে সমস্বৰে গাইছে জুবিনৰ নিজা সৃষ্টি, নিজা ভালপোৱা গীত, মায়াবিনী ৰাতিৰ বুকুত…৷ জুবিনে জীৱন্ত কালতে কৈছিল, মই মৰিলে এটাই গীত বাজিব লাগিব, অসমবাসীয়ে তেওঁৰ কথা ৰাখিছে৷ সকলোৱে একেমুখে গাইছে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন…৷
পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গ৷ এতিয়াৰে পৰাই প্ৰতি ঋতুৰ বতৰা জুবিন বিহীনভাৱেই অসমীয়াই ল’ব লাগিব৷ ব’হাগ আহিব জুবিন বিহীনভাৱেই৷ এইবাৰৰ পৰা ব’হাগত ঐ নাহৰ বুলি চিঞৰি জুবিনে নজগাই অসমীয়াক৷ শৰতৰ নিয়ৰ পৰিছে কিন্তু জুবিনে আৰু গীতেৰে নকয়, শৰতৰে সেমেকা ৰাতি, শুনিছো নিয়ৰ ৰুণ জুন৷
কাৰোবাৰ ভৰি ভাঙিল, কাৰোবাৰ ঘৰ ভাঙিল, সহায় কৰিবলৈ জুবিন গাৰ্গ আৰু নাই৷ এদিন জুবিনে কৈছিল মোৰ ঘৰ মন্ত্ৰীৰ কাষতেই৷ কিন্তু মানুহে মোৰ ঘৰৰ পদুলিতহে সহায়ৰ বাবে ৰৈ থাকে৷ জুবিনেই এদিন কৈছিল, মই কাহিলীপাৰাৰ পৰা জোনালীৰ ষ্টুডিঅ’ পোৱালৈকে ১৫বাৰ মান ৰ’ব লাগে৷
জুবিনে মানুহ ভালপাইছিল, এদিন হাঁহি হাঁহি জুবিনে কৈছিল-মই মানুহ নহ’লে থাকিব নোৱাৰো৷ হানিমুনতো মই ১৮ টা মান লগৰ লৈ গৈছিলো৷ যাকেই লগ পাইছিলো তাকেই কৈছিলো, বল হানিমুনলৈ যাম মই ওলা৷ সকলোৱে হাঁহিছিল হাঁহিছিল গৰিমাইয়ো৷ কিন্তু মোৰ ভাল লাগিছিল এনেকৈ গৈ৷ এয়াই জুবিন৷ আজি অসমবাসী যেন নিঠৰুৱা৷ জুবিন নাই মানে, অসমবাসীৰ যেন অভিভাৱকেই নাই৷
জুবিনে এদিন কৈছিল-অসমে দেশক তেল দিছে, চাহ দিছে জুবিন গাৰ্গ দিছে৷ ঠিকেই জুবিন নাথাকিলে হয়তো কাহানিও দেশৰ জনতাই নুশুনিলেহেতেন, য়ালীৰ দৰে গীত৷ এতিয়াৰে পৰা অসমৰ পৰা দেশে চাহ পাব, তেল পাব কিন্তু নাপাব এনে কঠিন গীতত কণ্ঠ দিব পৰা জুবিনক৷ মুম্বাইক বুঢ়া আঙুলি দেখুৱাই উভতি আহিলেও বলীউডে আকৌ মাতিবলগীয়া হোৱা জুবিনক আৰু নাপাব৷ বিশ্বই জুবিনক জানে বিশ্ব হামিং কিং হিচাপে৷ সেই হামিং দিব পৰা দ্বিতীয় এজন আৰু হয়তো সোনকালে নাপাব বিশ্বই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















